![]()
নিউজ ডেক্স:
কেৰালাৰ কোঝিকোডত শুকুৰবাৰে ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছে।কোঝিকোডৰ কৰিপুৰ বিমানবন্দৰত এয়াৰ ইণ্ডিয়াৰ বিমানখন অৱতৰণ কৰাৰ সময়তে সংঘটিত হয় দুৰ্ঘটনাটো।
প্ৰাপ্ত খবৰ অনুসৰি ৰাননওয়েত বিমানখন স্লিপ খােৱাৰ পিছত ক্রেছ হৈ যায় আৰু বিমান দুই ভাগত বিভক্ত হৈ যায়। এই বিমান ডুবাইৰ (Dubai) পৰা আহিছিল। বিমানত খনত ১৮০ জন যাত্রী আছিল।দুৰ্ঘটনাৰ ফলত থিতাতে নিহত হৈছে পাইলট সহ তিনিজন লোকৰ।
ডুবাইৰ পৰা বিয়লি ৪.৪৫ বজাৰ পৰা উৰা মাৰিছিল বিমানখন আৰু কেৰালাৰ কোঝিকোডৰ কৰিপুৰ বিমানবন্দৰত দুৰ্ঘটনাগ্ৰস্ত হয় বিমানখন।বৰ্তমান বিমানখনত চলি আছে উদ্ধাৰ অভিযান।













