
নিউজ ডেস্ক :
ঔৰাঙ্গাবাদৰ পৰা মানৱতাক তাচ্ছিল্য কৰা এক ঘটনা পোহৰলৈ আহিছে। তাত এক পাষাণ পুত্ৰই তাৰ ৯০ বছৰীয়া বৃদ্ধা মাতৃক হাবিত এৰি থৈ আহে। প্রাপ্ত খবৰ অনুযায়ী, ৯০ বছৰৰ বৃদ্ধা মাতৃগৰাকী কৰোনাত আক্রান্ত হয়। তাৰ পিছত ঘৰৰ বাকী সদস্যসকলে বৃদ্ধা মহিলাগৰাকীক নিজৰ সৈতে থাকিব নিদিয়ে বুলি জনাই দিয়ে। ইয়াৰ পিছত পৰিয়ালৰ সদস্যসকলে নিশাৰ অন্ধকাৰত ঔৰাঙ্গাবাদৰ কাচ্চিঘাঁটি এলেকাৰ হাবিত বৃদ্ধাগৰাকীক এৰি থৈ। বৰ্তমান আৰক্ষীয়ে গোচৰ ৰুজু কৰি পৰিয়ালৰ সদস্যসকলৰ সন্ধান আৰম্ভ কৰিছে।
প্রাপ্ত তথ্য অনুযায়ী, ঔৰাঙ্গাবাদৰ কাচ্চিঘাঁটি এলেকাৰ হাবিত কেইজনমান লোকে এগৰাকী বয়স্ক মহিলাক পৰি থকা দেখা পায়। ৯০ বছৰীয়া বৃদ্ধাগৰাকীক এখন চাদৰেৰে মেৰিয়াই হাবিত পেলাই দি গৈছিল আত্মীয়ই। ঘটনাৰ খবৰ পোৱাৰ পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় আৰু বৃদ্ধাগৰাকীক উদ্ধাৰ কৰি জিলা হস্পিটেলত ভর্তি কৰায়। তাত তেওঁৰ কৰোনা ৰিপোর্ট পজিটিভ আহে। বৃদ্ধাগৰাকীক সোধাপোছা কৰাত জানিব পৰা যায় যে, তেওঁ যে কৰোনা আক্রান্ত সেই কথা পৰিয়ালৰ সদস্যসকলৰ জ্ঞাত। আৰু সেই কাৰণেই তেওঁক হাবিত পেলাই থৈ যায় তেওঁলোকে।
আৰক্ষীয়ে জনায়, বৃদ্ধাগৰাকী মহিলা প্রায় এক ঘণ্টা হাবিত পৰি আছিল। তেওঁৰ শাৰীৰিক অৱস্থা বৰ্তমান সুস্থিৰ। আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ পৰিপেক্ষিতত গোচৰ ৰুজু কৰিছে আৰু পৰিয়ালৰ সদস্যসকলৰ সন্ধানত তালাচী চলাইছে।












