![]()
নিউজ ডেস্কঃ
চৰম সংকটজনক অৱস্থা প্রণৱ মুখাৰ্জীৰ; বৰ্তমান ভেন্টিলেচনত প্রাক্তন ৰাষ্ট্রপতিগৰাকী। উল্লেখ্য, কালি দুপৰীয়া কৰোনা সংক্রমিত হোৱাৰ কথা নিজেই ট্যুইট কৰি জনাইছিল তেওঁ। কৰোনাৰ কোনো উপসর্গ নাছিল তেওঁৰ।
অন্য চিকিৎসাৰ বাবে হস্পিটেললৈ গৈছিল তেওঁ। তাত সাম্প্রতিক নিয়ম অনুযায়ী তেওঁৰ কোভিড টেষ্ট কৰা হয়। টেষ্টৰ ফলাফলত দেখা যায় তেওঁ কৰোনা পজিটিভ।কিন্তু হঠাৎ হস্পিটেলত তেওঁ কি পৰীক্ষা কৰাব গৈছিল সেই বিষয়ে স্পষ্ট কৰি ট্যুইটত একো কোৱা নাই প্রাক্তন ৰাষ্ট্রপতি প্রণৱ মুখাৰ্জীয়ে। কিন্তু কালি গভীৰ নিশা পোৱা যায় চৰম দুঃসংবাদ।
কেৱল কৰোনা আক্রান্তই নহয়, আগদিনা নিশা বাথৰুমত পৰি গৈছিল তেওঁ। ফলত মূৰত গুৰুতৰ আঘাত পায় তেওঁ। মূৰ নাফাটিলেও মস্তিষ্কত আঘাত লাগি ৰক্ত গোট মাৰে। কালি সেই কাৰণেই তেওঁক হস্পিটেললৈ লৈ যোৱা হয় মস্তিষ্কৰ আঘাত কিমান গুৰুতৰ তাক পৰীক্ষা কৰিবৰ বাবে৷ জমা হৈ গোট মৰা ৰক্ত অস্ত্রোপচাৰ কৰি বাহিৰ কৰাৰ পূৰ্বে তেওঁৰ কোভিড পৰীক্ষা হয় আৰু ফলাফল পজিটিভ আহে।
হস্পিটেল সূত্রৰ খবৰ মতে, প্রণৱ মুখাৰ্জীৰ স্বাস্থ্যৰ অৱস্থা একেবাৰেই ভাল নহয়। অপাৰেচন কৰি জমা হোৱা ৰক্ত বাহিৰ কৰিলেও চৰম শ্বাসকষ্টত ভুগিছে তেওঁ। তেওঁক ভেন্টিলেটৰত ৰখা হৈছে। কৰোনা, মূৰত আঘাত লগাৰ উপৰি তেওঁৰ শৰীৰত হিমগ্লোবিন কমিছে। ছডিয়াম-পটাচিয়ামে ভাৰসাম্য হেৰুৱাইছে।
তাৰ উপৰি বিগত ২০ বছৰ ধৰি তেওঁ ডায়েবেটিক। চিকিৎসকসকলে জনোৱা মতে, তেওঁৰ শাৰীৰিক অৱস্থা সংকটজনক। তেওঁৰ শৰীৰত ৰোগ প্রতিৰোধ ক্ষমতা কমিছে।
উল্লেখ্য, প্রণৱ মুখাৰ্জীৰ বৰ্তমান বয়স ৮৫ বছৰ। গতিকে চিকিৎসকসকল যথেষ্ট চিন্তাত আছে তেওঁৰ চিকিৎসাৰ বিষয়ত।













