
ষ্টাফ ৰিপৰ্টাৰ
নগাঁও : এয়াৰ এছিয়া নামৰ বিমান পৰিবহণ কোম্পানীত কৰ্মৰত অসমৰ এগৰাকী যুৱতীৰ মৃতদেহ বাংগালুৰু মহানগৰীত উদ্ধাৰ হোৱা ঘটনাই নগাঁৱত তীব্ৰ চাঞ্চল্যৰ কৰিছে। জানিব পৰা মতে, বাংগালুৰুৰ বিমান কোঠৰ সমীপৰ এটা ফ্লেটত উদ্ধাৰ হৈছে নগাঁৱৰ পৰিণীতা বৰা (২৫) নামৰ এগৰাকী যুৱতীৰ মৃতদেহ। নগাঁও চহৰৰ ছয় আলিৰ প্ৰয়াত শৰৎ বৰা আৰু ৰীতা বৰাৰ একমাত্ৰ কন্যা পৰিণীতাই আজিৰ পৰা এবছৰ পূৰ্বে এয়াৰ হোষ্ট্ৰেছ হিচাপে যোগদান কৰিছিল।
আনহাতে, তিনিবছৰমান পূৰ্বে নগাঁৱৰ ডিমৌ চাৰিআলিত এক পথ দুৰ্ঘটনাত মৃত্যুক সাৱতি লৈছিল পৰিণীতাৰ পিতৃ শৰৎ বৰাই। পিতৃৰ মৃত্যুৰ পিছত এয়াৰ এছিয়াত যোগদান কৰা পৰিণীতাই আছিল একমাত্ৰ উপাৰ্জনকাৰী।
কিন্তু আজি বাংগালুৰুৰ ফ্লেটৰ বন্ধ কোঠাত পৰিণীতাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে নিঠৰুৱা গৈ পৰিল মাতৃ ৰীতা বৰা। কি পৰিস্থিতিতপৰিণীতাই মৃত্যুক সাৱতি ল’ব লগা হ’ল সেই বিষয়ে এতিয়াও কৰ্ণাটক আৰক্ষী নিশ্চিত হ’ব পৰা নাই।
ইতিমধ্যে পৰিণীতাৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হৈছে। আনহাতে পৰিণীতাৰ আত্মীয়ৰ মতে এয়া এক পৰিকল্পিত হত্যাকাণ্ড। জানিব পৰা মতে পৰিণীতাই বাংগালুৰুৰ এজন যুৱকৰ সৈতে প্ৰেমত পৰিছিল আৰু শীঘ্ৰেই তেওঁৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰো কথা আছিল।
অৱশ্যে এই বিষয়ে পৰিয়ালৰ লোকে কোনোধৰণৰ নিশ্চিত তথ্য জনাব পৰা নাই আৰক্ষীক। কিন্তু বহি:ৰাজ্যত অসমৰ এগৰাকী যুৱতীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি সমগ্ৰ নগাঁৱতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।













