ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

স্বাস্থ্য : দেশত প্রতি বছৰে আক্রান্ত ১০ কোটি! মেৰুদণ্ডৰ এই সমস্যা আপনাৰো নাইতো?

ASSAM TIMES POST by ASSAM TIMES POST
August 13, 2020
Reading Time: 1 min read
A A
0
স্বাস্থ্য : দেশত প্রতি বছৰে আক্রান্ত ১০ কোটি! মেৰুদণ্ডৰ এই সমস্যা আপনাৰো নাইতো?

logo new 2 1 | ASSAM TIMES POST
স্বাস্থ্য প্ৰতিবেদনঃ

RELATED POSTS

Supreme Court Quashes 2015 Summons, Clears Manmohan Singh in Coal Case

Assam’s Tapan Deka Named to PM’s Landmark Exam Reform Panel

CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে

কোভিড ১৯ ভাইৰাছ অহাৰ ফলত অন্য অসুখ-বিসুখ কিছু বেক-ফুটলৈ গ’লেও বিষ- বেদনা কিন্তু নাছোৰবান্দা। আঁঠু-কঁকালৰ বিষৰ পৰা আৰম্ভ কৰি গাঁঠিৰ বিষ, কোনো বিষেই এৰাৰ নাম নলয়। তাকো সেয়া সাধাৰণ মানুহেই হওক কিম্বা চেলিব্রিটি। বিশেষকৈ মেৰুদণ্ডৰ বিষ হ’লে স্বাভাৱিক কাম-কাজ কৰাও টান হৈ পৰে।

elecxtrical stimulation | ASSAM TIMES POST

মেৰুদণ্ডৰ বিষৰ বিভিন্ন কাৰণৰ ভিতৰত আছে শ্লিপ ডিস্ক, যাৰ চিকিৎসা বিজ্ঞানৰ নাম ‘ডিস্ক হার্নিয়েচন’। অতিৰিক্ত উচ্চতা আৰু অত্যন্ত শকত চেহেৰাৰ পুৰুষসকলৰ মাজত শ্লিপ ডিস্কৰ সম্ভাৱনা বেছি বুলি জনায় অর্থোপেডিক ছার্জনসকলে। শ্লিপ ডিস্কৰ আৰু এক ৰিস্ক ফেক্টৰ ওবেচিটি অর্থাৎ বৰ্ধিত ওজন। মূলতঃ মেৰুদণ্ডৰ তলৰ ফালে দুডাল হাড়ৰ মধ্যৱর্তী ডিস্ক শ্লিপ কৰি ওলাই আহি স্নায়ুত চাপ দিলেই ভয়ানক বিষৰ সূত্রপাত হয়, চিকিৎসা নকৰালে বিষৰ প্রকোপ বাঢ়িয়েই থাকে।

আচলতে কি হয়

Spinal cord injury blog | ASSAM TIMES POST

আমাৰ মেৰুদণ্ড ২৬টি সৰু সৰু হাড়ৰ টুকৰাৰে তৈয়াৰী। দুটি হাড়ৰ টুকুৰাৰ ঘর্ষণ প্রতিৰোধ কৰিবলৈ মাজত থাকে কুছনৰ দৰে ডিস্ক। নৰম জেলিৰে ভৰা এই ডিস্কে হাড় ক্ষয় যোৱা ৰোধ কৰে। সন্মুখৰ ফালে হাউলি গধুৰ বস্তু দাঙিবলৈ গ’লে, মেৰুদণ্ডৰ সংলগ্ন পেশী দুর্বল থাকিলে বা দুর্ঘটনাত আঘাত লাগি বা বেছি বয়সত হাড় ক্ষয় হৈ পেশী দুর্বল হোৱাৰ বাবে সামান্য চাপ পৰিলেই ডিস্ক স্থানচ্যুত হয়, সেয়ে এই ক্ষেত্ৰত সতর্ক থাকাৰ পৰামর্শ দিয়ে চিকিৎসকে। এনে হ’লে নার্ভ ৰুটত চাপ পৰি আৰম্ভ হয় প্রবল বিষ। ইয়াৰ নামেই শ্লিপ ডিস্ক বা ডিস্ক হার্নিয়েচন। কেৱল মাত্র আমাৰ দেশতেই প্রতি বছৰে ১০ মিলিয়ন অর্থাৎ এক কোটি মানুহৰ শ্লিপ ডিস্কৰ সমস্যা হয়।
ডিস্ক পিছলি গ’লে প্রথম আৰু প্রধান উপসর্গ হ’ল বিষ। অৱশ্যে কেতিয়াবা কেতিয়াবা যৎসামান্য বিষো শ্লিপ ডিস্কৰ উপসর্গ হ’ব পাৰে। অলপ বিষ অগ্রাহ্য কৰিলে পিছত ভোগ কৰিবলগাৰ মাত্রা বাঢ়ি যায়৷

পুৰুষৰ সম্ভাৱনা দুগুণ বেছি

Your spinal cord can control complex motor functions 730x410 1 | ASSAM TIMES POST

যিকোনো বয়সতেই ডিস্ক প্রলাপ্স হ’ব পাৰে। অৱশ্য পুৰুষৰ ক্ষেত্ৰত এই সমস্যা বেছি দেখা যায়। সাধাৰণতে ৩০ৰ পৰা ৫৫ বছৰ বয়সীয়া মানুহৰ শ্লিপ ডিস্কৰ সম্ভাৱনা থাকিলেও পুৰুষসকলৰ মাজত এই অসুখৰ সম্ভাৱনা বেছি।বেছি ভাগ ক্ষেত্রতেই ৪০ ঊৰ্ধ্বৰ ভিতৰত এই সমস্যা বেছি দেখা যায়। আৰু যিসকলে বহি থাকি ডেস্ক ৱর্ক কৰে বা যিসকলে গধুৰ বস্তু ডাঙিবলগা হয়, তেওঁলোকৰো সম্ভাৱনা বেছি। নিয়মিত শৰীৰচর্চা কৰি পিঠি আৰু কঁকালৰ পেশী সবল কৰি ৰাখিব পাৰিলে এই সমস্যাৰ সম্ভাৱনা কমি যায়৷

সন্মুখলৈ হাউলি গধুৰ বস্তু ডঙাটো শ্লিপ ডিস্কৰ অন্যতম কাৰণ। জিমলৈ গৈ বহুতেই এই কামটো কৰে আৰু ডিস্ক হার্নিয়েচনৰ সমস্যাত ভোগে। ইয়াৰ উপৰি বেয়াকৈ পৰি লগা আঘাত, বাছ, অটো বা ৰিক্সাত হঠাৎ জোৰকৈ জোকাৰণি, অতিৰিক্ত কায়িক শ্রম, গধুৰ বস্তুৰে শৰীৰচর্চা ইত্যাদি নানা কাৰণত ডিস্ক হার্নিয়েচনৰ সম্ভাৱনা বাঢ়ে। ইয়াৰ উপৰি একেলেথাৰিয়ে বহি থাকিলে আৰু শকত-আৱত চেহেৰা অর্থাৎ বৰ্ধিত ওজনেও শ্লিপ ডিস্কৰ সম্ভাৱনা বঢ়ায়। আনহাতে, শুই-বহি অলস জীৱন কটালে মেৰুদণ্ডৰ আশপাশৰ পেশী দুর্বল হৈ গৈ কশেৰুকাৰ মাজৰ কুচন আঁতৰি আহিব পাৰে। এমআৰআই কৰি শ্লিপ ডিস্ক নিশ্চিত কৰা হয়।

চিকিৎসা মানেই ছার্জাৰী নহয়

maxresdefault 8 | ASSAM TIMES POST

বহুতৰ ধাৰণা শ্লিপ ডিস্ক হ’লেই ছার্জাৰী কৰোৱাটো বাধ্যতামূলক। এই ধাৰণা সঠিক নহয়।বেছিভাগ ক্ষেত্রতেই কনজাৰভেটিভ চিকিৎসাত শ্লিপ ডিস্কৰ পৰা আৰোগ্য লাভ কৰিব পৰা যায় (৮০%-৯০%) ।

কিছু কিছু ক্ষেত্রত (১০% -২০%) ছার্জাৰী কৰাবলগা হয়। ছয়ৰ পৰা আঠ সপ্তাহ কনজাৰভেটিভ চিকিৎসা কৰাৰ পিছতো ৰোগ নকমিলে ছার্জাৰীৰ কথা ভাবিবলগা হয়। লাম্বাৰ মাইক্রোডিস্টেক্টমি ছার্জাৰীৰ সহায়ত মেৰুদণ্ডৰ এই ভয়ানক বিষ আঁতৰোৱা হয়।

মাত্র ২-৩ চেন্টিমিটাৰ ছিদ্রৰ সহায়ত অপাৰেচন কৰা হয়। ছার্জাৰীৰ ভয়ত বিষ পুহি ৰখাটোৱে বিপদ আৰু বঢ়াব। কিন্তু সমস্যা যাতে আৰু ঘূৰি নাহে তাৰ বাবে ওজন বাঢ়িব দিব নোৱাৰিব। নিয়মিত লঘু শৰীৰচর্চা কৰা উচিত। হাউলি গধুৰ ভাবস্তু ডঙাটো একেবাৰেই মানা। মেৰুদণ্ড পোন কৰি বিষৰ মোকাবিলা কৰক, ভালে থাকক।

Tags: Featured
Share4Tweet3Send

Related Posts

Supreme Court Quashes 2015 Summons, Clears Manmohan Singh in Coal Case
National-International

Supreme Court Quashes 2015 Summons, Clears Manmohan Singh in Coal Case

by News Desk
July 29, 2026
50
Assam’s Tapan Deka Named to PM’s Landmark Exam Reform Panel
National-International

Assam’s Tapan Deka Named to PM’s Landmark Exam Reform Panel

by News Desk
July 27, 2026
50
CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে
National-International

CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে

by News Desk
July 25, 2026
50
Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল
National-International

Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল

by News Desk
July 25, 2026
50
CJP protest : এটা মন্তব্যৰ পৰা ইনষ্টাগ্ৰামত জন্ম হোৱা আঢ়ৈমহীয়া ‘পঁইতাচোৰা’ই জোকাৰিলে দেশ-দিল্লী
National-International

CJP protest : এটা মন্তব্যৰ পৰা ইনষ্টাগ্ৰামত জন্ম হোৱা আঢ়ৈমহীয়া ‘পঁইতাচোৰা’ই জোকাৰিলে দেশ-দিল্লী

by News Desk
July 25, 2026
50
DRDO : বিমান যুদ্ধত পাক-চীনৰ বিৰুদ্ধে যুঁজিবলৈ সাজু ‘কুশ’, চণ্ডীপুৰত সফল প্ৰথম পৰীক্ষা
National-International

DRDO : বিমান যুদ্ধত পাক-চীনৰ বিৰুদ্ধে যুঁজিবলৈ সাজু ‘কুশ’, চণ্ডীপুৰত সফল প্ৰথম পৰীক্ষা

by News Desk
July 25, 2026
50
ADVERTISEMENT
Supreme Court Quashes 2015 Summons, Clears Manmohan Singh in Coal Case
National-International

Supreme Court Quashes 2015 Summons, Clears Manmohan Singh in Coal Case

July 29, 2026
50
Assam CM Hails Tiger Conservation Success on International Tiger Day
Assam

Assam CM Hails Tiger Conservation Success on International Tiger Day

July 29, 2026
50
Assam Assembly Approves Six Bills; Key Satellite City Bill Dominates
Assam

Assam Assembly Approves Six Bills; Key Satellite City Bill Dominates

July 28, 2026
50
Tarun Ram Phukan : ডিফুত দেশভক্তি দিৱস উদযাপন
DIPHU

Tarun Ram Phukan : ডিফুত দেশভক্তি দিৱস উদযাপন

July 28, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Supreme Court Quashes 2015 Summons, Clears Manmohan Singh in Coal Case

Supreme Court Quashes 2015 Summons, Clears Manmohan Singh in Coal Case

July 29, 2026
Assam CM Hails Tiger Conservation Success on International Tiger Day

Assam CM Hails Tiger Conservation Success on International Tiger Day

July 29, 2026
Assam Assembly Approves Six Bills; Key Satellite City Bill Dominates

Assam Assembly Approves Six Bills; Key Satellite City Bill Dominates

July 28, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx