
নিউজ ডেস্কঃ এই মুহূৰ্তত হয়তো দেশৰ যুৱ সমাজৰ বাবে এইটো আটাইতকৈ ডাঙৰ সুখবৰ! কিয়নো যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ দৰে হৈ পৰা টিকটক পুনৰ ভাৰতলৈ ঘূৰি অহাৰ সম্ভাৱনাই দেখা দিছে। এই সুখবৰটো দিছে আন্তৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান ৰয়টাৰ্ছে৷ ৰয়টাৰ্ছৰ এক ৰিপোর্ট অনুযায়ী, ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজে টিকটকৰ ভাৰতীয় ব্যৱসায় কিনি ল’ব পাৰে। ৰিপোর্টত কোৱা হৈছে যে, টিকটকৰ অভিভাৱক কোম্পানি বাইটডান্স আৰু মুকেশ আম্বানিৰ মালিকানাধীন ৰিলায়েন্স ইণ্ডাষ্ট্ৰী লিমিটেডৰ মাজত কথাবার্তা চলিছে।
অৱশ্যে, দুই কোম্পানিয়ে এতিয়াও কোনো চুক্তি নির্ধাৰণ কৰা নাই। ৰিলায়েন্স আৰু টিকটকৰ তৰফৰ পৰা এই লৈ এতিয়াও কোনো প্রতিক্রিয়াও দিয়া নাই।
উল্লেখ্য যে, যোৱা জুলাই মাহত ভাৰত চৰকাৰে টিকটকসহ ৫৯টি চাইনিজ এপ নিষিদ্ধ কৰিছিল। চৰকাৰে ব্যৱহাৰকাৰীসকলৰ গোপনীয়তা সুৰক্ষাৰ কাৰণে টিকটকসহ ৫৯টি চাইনিজ এপত নিষেধাজ্ঞা জাৰি কৰিছিল। নিষিদ্ধৰ সময়ত টিকটকৰ ৩০ শতাংশ ব্যৱহাৰকাৰী ভাৰতীয় আছিল। আৰু কোম্পানিটোৰ ১০ শতাংশ আয় ভাৰতৰ পৰাই হৈছিল।













