
নিউজ ডেস্কঃ এইবাৰ মনোজ তিৱাৰী বা অন্য কোনো নহয়, স্বয়ং কেন্দ্রীয় গৃহমন্ত্রীয়ে নিজেই জনালে, তেওঁ কৰোনা নেগেটিভ। টুইটাৰত এই খবৰ জনাইছ অমিত শ্বাহে লিখিছে, চিকিৎসকৰ পৰামর্শ মতে আৰু কেইদিনমান হোম-আইছলেচনত থাকিব।
উল্লেখ্য যে বিগত ২ আগষ্টত কৰোনাৰ পৰীক্ষাৰ ৰিপোর্ট পজিটিভ ধৰা পৰিছিল অমিত শ্বাহৰ। তাৰ পিছতেই তেওঁ ভর্তি হয় দিল্লীৰ ওচৰৰ গুৰুগ্রামৰ মেদান্ত হস্পিটেলত। তাতেই ১০-১২ দিন চিকিৎসাধীন থকাৰ পিছত সুস্থ হৈ উঠাৰ পিছত পুনৰ তেওঁৰ কৰোনা পৰীক্ষা কৰা হয়। শুক্রবাৰে সেই পৰীক্ষাত ৰিপোর্ট নেগেটিভ আহিছে বুলি হস্পিটেল সূত্রেও জনা গৈছে। ইয়াৰ পিছৰ পৰাই তেওঁ ঘৰত আইছলেচনত থাকিব পাৰিব বুলি চিকিৎসকে জনাইছে।
টুইটাৰত অমিত শ্বাহে লিখিছে, ‘‘আজি মোৰ কৰোনা ভাইৰাছ পৰীক্ষাৰ ৰিপোর্ট নেগেটিভ আহিছে। ঈশ্বৰক ধন্যবাদ জনাইছো। যিসকলে মোৰ আৰু আমাৰ পৰিয়ালৰ বাবে প্রার্থনা কৰিছে, তেওঁলোকক আন্তৰিক ধন্যবাদ জনাইছো। চিকিৎসকৰ পৰামর্শ মতে আৰু কেই দিনমান আইছলেচনত থাকিম।’’













