
নিউজ ডেস্কঃ ৰাছিয়াৰ ঘোষণাৰ পিছতেই বিশ্ব স্বাস্থ্য সংস্থা (হু)ই জনাইছিল যে এই টীকা তেওঁলোকৰ তালিকাতেই নাছিল। ক্লিনিকেল ট্রায়েল সম্পূর্ণ নকৰাকৈয়েই কৰোনাৰ টীকা আৱিষ্কাৰৰ ঘোষণা কৰা হৈছে বুলি অভিযোগ তুলিছিল বিশ্বৰ বিজ্ঞানী মহলে। এইবাৰ ৰাছিয়াৰ কৰোনা টীকা স্পুটনিক-ভিক লৈ প্রশ্ন উঠিল দেশৰ অভ্যন্তৰতেই। ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুতিনক অস্বস্তিত পেলাই দেশৰ স্বাস্থ্য মন্ত্রালয়ৰ এথিকছ কাউন্সিলৰ পৰা ইস্তফা দিলে চিকিৎসক আলেকজেণ্ডাৰ চুচালিনে। চিকিৎসা আৰু স্বাস্থ্যনীতি নমনাকৈয়ে টীকা আৱিষ্কাৰৰ ঘোষণা কৰা হৈছে বুলি বিস্ফোৰক অভিযোগ তুলিছে চুচালিনে।
উল্লেখ্য যে ৰাছিয়াৰ চিকিৎসা সংক্রান্তীয় যাৱতীয় নীতি নির্ধাৰণ কৰে স্বাস্থ্য মন্ত্রালয়ৰ অধীনত থকা এথিকছ কাউন্সিলে। সেই কাউন্সিলৰ অন্যতম সদস্য আছিল চুচালিন। ৰাছিয়াৰ চিকিৎসক মহলৰ সূত্রৰ খবৰ মতে, তৃতীয় পর্যায়ৰ সকলোতকৈ গুৰুত্বপূর্ণ পৰীক্ষামূলক প্রয়োগ নকৰাকৈয়েই টীকা আৱিষ্কাৰৰ ঘোষণা কৰাৰ পক্ষপাতী নাছিল চুচালিন। তেওঁ বাধা দিয়াৰ চেষ্টাও কৰিছিল। কিন্তু তেওঁৰ কথাত কর্ণপাত নকৰি টীকা আৱিষ্কাৰৰ ঘোষণা কৰি দিয়ে। তাৰ বাবেই তেওঁ ইস্তফা দিলে বুলি অনুমান কৰিছে ৰাছিয়াৰ চিকিৎসা আৰু স্বাস্থ্য বিশেষজ্ঞসকলে।
কিন্তু কেৱল পদত্যাগ কৰিয়েই ক্ষান্ত থকা নাই বিশিষ্ট পালমোনোলজিষ্ট আলেকজেণ্ডাৰ চুচালিন। স্পুটনিক-ভি প্রকল্পৰ দায়িত্বত থকা অন্যতম শীর্ষ দুই চিকিৎসকৰ নাম লৈও তীব্র আক্রমণ কৰিছে। এই টীকা তৈয়াৰ কৰিছে মস্কোৰ গামালেয়া ৰিছার্চ চেণ্টাৰে। এই সংস্থাৰ সঞ্চালক আলেকজেণ্ডাৰ গিন্টছবার্গ আৰু দেশৰ ভাইৰলজি বিশেষজ্ঞসকলৰ অন্যতম ছার্গেই বৰিছেভিচৰ নাম লৈ চুচালিনে কয়, এই দুই চিকিৎসকে টীকা প্ৰস্তুত খৰধৰ কৰিবলৈ গৈ চিকিৎসা বিজ্ঞানৰ নিয়ম-নীতি উলংঘা কৰিছে।
টীকা আৱিষ্কাৰৰ সমগ্ৰ প্রক্রিয়াত যে একাধিক ভুল আছে, ইস্তফাৰ পিছত সেই কথাও খোলাখুলিভাবেই কৈছে চুচালিনে। ব্রিটিছ সংবাদ মাধ্যম ‘ডেইলি মেইল’ত তেওঁ প্রশ্ন উত্থাপন কৰি কয়, ‘‘ৰিছ চৰকাৰৰ সকলো নীতি-নিয়ম আপোনালোকে মানিছেনে? আন্তর্জাতিক বিজ্ঞানী সমাজৰ মতামত লৈছেনে? নাই লোৱা।’’ তেওঁ লগতে কয়, ‘‘এইটো সঠিকভাবে কৰা হোৱা নাই। নৈতিকভাবে চিকিৎসা বিজ্ঞানৰ নীতি ভঙ্গ কৰা হৈছে।’’ ৰাছিয়াৰ এই টীকা লোৱাটো নিৰাপদ হয়নে নহয়, তাক লৈও প্রশ্ন তুলিছে বিজ্ঞানী মহলে। সেই প্রসঙ্গত চিকিৎসক চুচালিনে কয়, ‘‘আমাৰ কিছু বিজ্ঞানীয়ে যি অৱস্থান লৈছে আৰু যেনেদৰে এই ৰেডিমেড টীকাক লৈ দায়িত্বজ্ঞানহীনৰ দৰে মন্তব্য কৰিছে, তাত মই হতাশ হৈছো।’’













