![]()
নিউজ ডেক্স:
৭৪সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত দেশৰ ৰাষ্ট্ৰপতিয়ে সম্বোধন কৰে দেশবাসীক।স্বাধীনতা দিৱসৰ প্ৰাক সন্ধিয়াত দেশ-বিদেশত থকা সকলো ভাৰতীয়ক শুভেচ্ছা জ্ঞাপন কৰে।
ৰাষ্ট্ৰপতিগৰাকীয়ে কিছুদিনৰ পূৰ্বে গালোৱানত সংঘটিত হোৱা সংঘৰ্ষৰ সন্দৰ্ভত কয়, যিসময়ত সমগ্ৰ বিশ্বই ক’ৰোনা মহামাৰীৰ সৈতে যুঁজ দি আছে, তেন্তে সময়ত ভাৰতৰ কাষৰীয়া এখন ৰাষ্ট্ৰই অতি চতুৰালিৰে বিস্তাৰবাদী মনোভাৱক প্ৰশ্ৰয় দি যিকাম কৰিছিল। সেই সকলোবোৰ চতুৰালি আমাৰ বাহাদুৰ জোৱানে প্ৰাণ দি হলেও বিফল কৰিলে।
আজি সমগ্ৰ দেশে গলোৱান ঘাটিত শ্বহীদ হোৱা সকলো বীৰকে স্মৰণ কৰিছে। তেওঁলোকৰ সাহস আৰু কৰ্তব্যনিষ্ঠাক লৈ আজি দেশ গৌৰৱাম্বিত। প্ৰতিজন ভাৰতীয়ৰ বুকুত শ্বহীদসকলৰ পৰিয়াললৈ সদায়েই কৃতজ্ঞতা ভাৱ থাকিব। দেশৰ শত্ৰুক উচিত প্ৰত্যুত্তৰ প্ৰদান কৰা হব বুলিও মন্তব্য কৰে ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে।
যিসকলৰ বলিদান আৰু অহোপুৰুৰ্ষাথৰ বলত ভাৰতে স্বাধীনতা লাভ কৰিছিল সেই বীৰসকলক কৃতজ্ঞতাসহকাৰে মনত ৰখা প্ৰয়োজন বুলি মন্তব্য কৰে ৰাষ্ট্ৰপতি কোৱিন্দে।










