
নিউজ ডেস্কঃ কংগ্রেছৰ পৰা বৰ্খাস্ত হোৱা সঞ্জয় ঝাই এইবাৰ দলৰ হাইকমাণ্ডকে কাঠগড়াত থিয় কৰাইছে। সঞ্জয় ঝাই কয় যে প্রায় ১০০ কংগ্রেছ নেতাই (এমপিসহ) ৰাজ্যখনৰ পৰিস্হিতি দেখি ব্যথিত। কংগ্রেছৰ কার্যনির্বাহক কমিটিত ৰাজনৈতিক নেতৃত্বৰ পৰিবর্তন আৰু স্বচ্ছ নির্বাচনৰ দাবীত এই নেতাসকলে কংগ্রেছ সভাপতি ছোনিয়া গান্ধীলৈ এখন পত্ৰ লিখিছে।
ইয়াৰ পূৰ্বে, কংগ্রেছ নেতা শশী থাৰুৰ নেতৃত্বৰ পৰিবর্তনৰ কথাৰ আঁত ধৰি পুনৰ সম্পূৰ্ণ সময়ৰ কংগ্রেছ সভাপতিৰ পদক লৈ সোচ্চাৰ হয়। থাৰুৰে কৈছিল, নেতৃত্বৰ অগ্রগতিৰ বিষয়ে কংগ্রেছ স্পষ্ট হোৱা উচিত আৰু যদি ৰাহুল গান্ধীয়ে সভাপতি পদ গ্রহণ কৰিবলৈ প্রস্তুত নহয়, তেতিয়াহ’লে কংগ্রেছ সভাপতি পদৰ বাবে নির্বাচন অনুষ্ঠিত কৰা উচিত।
কংগ্রেছ নেতা শশী থাৰুৰে কয়, ‘মই যোৱা বছৰ অন্তর্বর্তীকালীন সভাপতি হিচাবে ছোনিয়া গান্ধীৰ নিয়োগক স্বাগতম জনাইছিলো, কিন্তু মই বিশ্বাস কৰো যে অনির্দিষ্টকালৰ বাবে এই বোজা বহন কৰা তেওঁৰ পক্ষে অন্যায়। ৰাহুল গান্ধীয়ে যদি পদত্যাগ প্রত্যাহাৰ কৰিব বিচাৰে তেতিয়া তেওঁ সভাপতি হিচাবে কাৰ্যভাৰ চলাই যাব পাৰে, কাৰণ তেওঁৰ ম্যাদ ২০২২ চন পর্যন্ত।
সংসদ সদস্য আৰু প্রাক্তন কেন্দ্রীয় মন্ত্রী শশী থাৰুৰেও কৈছিল যে এই ক্ষেত্রত ৰাহুল গান্ধীৰ ‘শক্তি আৰু সামর্থ্য’ আছে যে তেওঁ পুনৰ দলক নেতৃত্ব দিব পাৰিব। অৱশ্যে, ৰাহুলে যদি পুনৰ সভাপতি হ’ব নিবিচাৰে, তেনেহ’লে কংগ্রেছে নতুন সভাপতি নির্বাচনৰ প্ৰস্তুতি আৰম্ভ কৰা উচিত।
উল্লেখ্য যে কংগ্রেছৰ অন্তর্বর্তীকালীন সভাপতি হিচাবে ছোনিয়া গান্ধীৰ কাৰ্যকাল শেষ হৈছিল ১০ আগষ্টত। শশী থাৰুৰে কৈছিল যে অনির্দিষ্টকালৰ বাবে অন্তর্বর্তীকালীন প্রধান হিচাবে দলৰ বোজা ছোনিয়া গান্ধীয়ে বহন কৰিব সেয়া আশা কৰা অর্থহীন। গতিকে, কংগ্রেছে বর্তমান সময়ত এজন পূর্ণকালীন সভাপতিৰ সন্ধান কৰা প্ৰয়োজন। জনগণৰ মাজত দলৰ প্রতি ‘বিপর্যয়কৰ’ পৰিস্থিতিৰ ছবি প্ৰতিফলিত হৈ আছে।













