
নিউজ ডেস্ক : ২০২০ চনত দেশত কেন্সাৰ আক্রান্তৰ সংখ্যা ১৩ লাখ ৯০ হাজাৰ। আগন্তুক পাঁচ বছৰত এই সংখ্যাটো যথেষ্ট বৃদ্ধি পাব। ২০২৫ চনত দেশত কেন্সাৰ আক্রান্তৰ সংখ্যা হ’ব ১৫ লাখ ৭০ হাজাৰ। চলিত প্রবণতাৰ ওপৰত ভিত্তি কৰি এই তথ্য জনাইছে এটি চৰকাৰী সমীক্ষাই।
ইন্ডিয়ান কাউন্সিল অব মেডিকেল ৰিছার্চ আৰু দ্য নেচনেল চেন্টাৰ ফৰ ডিজিজ ইনফৰমেটিকছ এণ্ড ৰিছার্চে যৌথভাবে ২০২০ চনৰ নেচনেল কেন্সাৰ ৰেজিষ্ট্ৰি প্র’গ্রাম ৰিপোর্ট প্রকাশ কৰিছে। সেই ৰিপোর্ট অনুযায়ী, আগন্তুক পাঁচ বছৰত দেশত কেন্সাৰ আক্রান্তৰ হাৰ বাঢ়িব ১২ শতাংশ।
এই সমীক্ষাত জনসংখ্যাৰ হিচাপত কেন্সাৰ আক্রান্তৰ সংখ্যা নথিভুক্তকৰণৰ ২৮টা ৰিপোর্ট চোৱা হৈছে। তাৰ লগতে ৫৮খন হস্পিটেলত নথিভুক্ত হোৱা কেন্সাৰ আক্রান্তৰ সংখ্যাৰ ৰিপোর্টো বিবেচনা কৰা হৈছে।
উল্লেখ্য যে ২০২০ চনত দেশত ধঁপাতজাতীয় দ্রব্যৰ পৰা কেন্সাৰ আক্রান্তৰ সংখ্যা ৩ লাখ ৭০ হাজাৰ। মুঠ আক্রান্তৰ ২৭.১ শতাংশ। মহিলা আক্রান্তৰ ভিতৰত ২ লাখৰেই স্তন কেন্সাৰ হৈছে (১৪.৮ শতাংশ)। ৭৫ হাজাৰে ছার্ভিক্স কেন্সাৰত ভুগিছে (৫.৪ শতাংশ)। ২ লক্ষ ৭০ হাজাৰে পৰিপাকতন্ত্রৰ কেন্সাৰত আক্রান্ত। মুঠ আক্রান্তৰ ভিতৰত ১৯.৭ শতাংশই এই কেন্সাৰত ভুগিছে।
আনহাতে, ধঁপাতজাতীয় দ্রব্যৰ পৰা কেন্সাৰ হোৱাৰ সংখ্যা সকলোতকৈ বেছি দেশৰ উত্তৰ–পূর্বাঞ্চলত। অৱেশ্যে ইয়াত পুৰুষসকলেই বেছিকৈ আক্রান্ত। হাওঁফাওঁ, মুখ, পাকস্থলীত কেন্সাৰ হৈছে এইসকল পুৰুষৰ। সমীক্ষাত দেখা গৈছে মহিলাসকলৰ ভিতৰত স্তন কেন্সাৰৰ হাৰ বাঢ়িছে। তাৰ তুলনাত ছার্ভিক্স কেন্সাৰ হোৱাৰ হাৰ পূৰ্বতকৈ বহু কমিছে। কিন্তু মস্তিষ্ক, ডিঙি আৰু হাওঁফাওঁৰ কেন্সাৰ পুৰুষ আৰু মহিলা উভয়ৰে মাজত বাঢ়িছে।
বিশেষজ্ঞসকলৰ মতে, কোভিডৰ কাৰণে কেন্সাৰৰ পৰা সুস্থ হৈ উঠাৰ হাৰ কমিব। বাঢ়িব মৃত্যুৰ হাৰ। কাৰণ কৰোনাৰ ভয়ত বেছিভাগ মানুহে এতিয়া হস্পিটেললৈ যোৱাটো এৰাই চলিছে। সেয়ে প্রাথমিক পৰ্যায়ত কেন্সাৰ ধৰা পৰা নাই। ধৰা পৰিলেও চিকিৎসাত পলম হৈছে। কাৰণ বহু হস্পিটেল কোভিডৰ বাবে আবণ্টন হৈছে। ফলত কেন্সাৰ ৰোগীসকলে সঠিক সময়ত চিকিৎসা সেৱা পোৱা নাই। কেমোথেৰাপি, ৰেডিওথেৰাপিতো পলম হৈছে। চিন্তাত চিকিৎসকসকল।













