
নাগৰিকত্ব সংশোধনী আইন২০১৯ চমুকৈ কা’ বিৰোধিতাৰে অসম গণ পৰিষদত আৰম্ভ হৈছিল সংঘাত। দলৰ প্ৰাক্তন সভাপতি তথা ৰাজ্য প্ৰাক্তন মূখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত আৰু বৰ্তমানৰ সভাপতি অতুল বৰা মুকলি সংঘাতে অগপ দলত দুটা ভাগত বিভক্ত কৰিছিল।কিন্তু হঠাৎ দুভাগত বিভক্ত হোৱা অগপত আহিল পট-পৰিৱৰ্তন। অতুল বৰা ফৈদত অৱস্থান লোৱা মন্ত্ৰী ফণীভূষণ চৌধুৰী তাৎপৰতাত দীৰ্ঘদিনে দুই মেৰুত অৱস্থান কৰা দলটো সভাপতি বৰা আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী মহন্ত মুখা-মুখী বৈঠকত অৱৰ্তীন।ফণীভূষণৰ ড্ৰয়িং ৰুমত দীৰ্ঘদিনীয়া সংঘাত অৱসান ঘটাই দুইঘণ্টা জোৰা বৈঠকত মিলিত হয় অগপ জ্যেষ্ঠ নেতাদুজন।সভাপতি অতুল বৰা ফৈদৰ আনজন মন্ত্ৰী কেশৱ মহন্তও উপস্থিত থাকে বৈঠকত।
উল্লেখ বৃহস্পতিবাৰে সন্ধিয়া প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকী নিজে আহি ফণীভূষণ চৌধুৰী ঘৰত উপস্থিত হৈছিল।তাৰ পাছতে দুয়োগৰাকী বৈঠকত মিলিত হৈছিল।সেই বৈঠকৰে ফচল আছিল আজি বৈঠকখন।
গুৰুত্বপূৰ্ণ কথা এই যে অহা ২৭ আগষ্টত অগপ সাধাৰণ পৰিষদৰ বৈঠক আছে আমবাৰী কাৰ্যলয়ত।উক্ত বৈঠকতে গঠন হোৱা কথা আছে দলৰ নতুন সমিতি।দলৰ নেতৃত্বৰ পৰিৱৰ্তনৰ পূৰ্বে মহন্ত-বৰা মুখামুখি হোৱা ঘটনাই অধিক তাপৰ্য বহন কৰিছে।
আছু-যুৱ ছাত্ৰ পৰিষদৰ বিকল্প ৰাজনৈতিক দল গঠন কৰা কুচকাৱাজে অধিক চিন্তাত পেলাছে আঞ্চলিক ৰাজনৈতিক দলটোৰ ভিতৰ চৰাত।তাৰে পৰিণতিত দলক উদ্ধাৰ কৰা একেলগ হৈছে মহন্ত-বৰা।
বৈঠক পাছতে মহন্তৰ ঘোষণা “আঞ্চলিক ৰাজনৈতিক শক্তিক শক্তিশালি কৰিব লাগে।অসমৰ উন্নয়নৰ বাবে আঞ্চলিক শক্তি বাহিৰে কোনো ৰাষ্ট্ৰীয় শক্তিৰে কৰিব নোৱাৰে”। লগতে তেওঁ কয়- ইতিবাচক আলোচনা হৈছে আমাৰ মাজত।
বৈঠকৰ পাছতে সভাপতি অতুল বৰাই সংবাদ মাধ্যমৰ আগত কয় – “মতানক্য থাকিব কিন্তু বিসম্বাদ নাই অগপত।অসম গণ পৰিষদ দল অসমৰ মাটিত আঞ্চলিকতাবাদৰ স্তম্ভ।ইয়াক শুলোক ধুলোক কৰি উঘালি পেলাব বাবে বহু সময়ত ষড়যন্ত্ৰ হৈছে। বৰ্তমানো বিভিন্ন ৰাষ্ট্ৰীয় শক্তি পৰোচনাত কেতবোৰ নতুন নতুন শক্তিয়ে আত্মপ্ৰকাশ কৰা প্ৰচেষ্টা চলিছে”।
মহন্ত-বৰা পুনৰ মিলনৰ পাছতে দলটোৰ অন্যগৰাকীৰ বিদ্ৰোহী বিধায়ক পবিন্দ্ৰ ডেকাই কয় ” মহন্ত- বৰা বৈঠকক লৈ মই মোৰ ঘমুৱা নাই।ছেপ্টেম্বত মাহত দেখা পাব নতুন ৰাজনৈতিক নাটক।ইতিমধ্যে লিখা হৈছে নাটকখন।চিত্ৰনাট্য সাজু হোৱা দৰে অভিনেতা সকলো সাজু হৈছে।












