ASSAM TIMES POST
গোলাঘাটঃ গোলাঘাট নগৰৰ এখন অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান ডনবস্ক’ কলেজ গোলাঘাটৰ নৱাগত আদৰণি অনুষ্ঠান বৃহস্পতিবাৰে অনুষ্ঠিত হৈ যায়। অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকে বিশ্বপ এলবাৰ্ট হেমৰম।

তেওঁ নৱাগত শিক্ষাৰ্থীসকলক উদ্দেশ্যি দিয়া ভাষণত শিক্ষাৰ্থীসকলে নিজৰ অধ্যয়নৰ লগতে স্বাস্থ্য আৰু আন আন দিশতো সমানে গুৰুত্ব প্ৰদান কৰিব লাগে বুলি মতপোষণ কৰে। অনুষ্ঠানৰ লগত সংগতি ৰাখি নৃত্য গীত আৰু কম্পিউটাৰৰ সৈতে জড়িত কেতবোৰ আকৰ্ষণীয় কাৰ্যসূচী ৰূপায়ণ কৰে শিক্ষাৰ্থীসকলে।

লগতে মুখ্য অতিথি এলবাৰ্ট হেমৰমে ডনবস্ক’ কলেজৰ লাৰ্ণিং মেনেজমেন্ট চিষ্টেম চমুকৈ এল এম এচ ব্যবস্থা আনুষ্ঠানিকভাৱে উন্মোচন কৰে। নৱাগত আদৰণি অনুষ্ঠানৰ লগতে কলেজখনৰ অধ্যক্ষ ফাদাৰ জ’ছ পেল্লীৰ জন্মদিনৰ কাৰ্যসূচীও আড়ম্বৰপূৰ্ণভাৱে পালন কৰা হয়। অনুষ্ঠানত ফাদাৰ বিমল, ফাদাৰ মেথিউ, ছিষ্টাৰ ৰীণা, চিচিলিআম্মা, ছিষ্টাৰ শীলাৰ লগতে কেইবাজনো গণ্য মান্য ব্যক্তি উপস্থিত থাকে।













