![]()
আছিফ আলি:
শিৱসাগৰ : সাম্প্ৰদায়িক মন্তব্যৰে সমাজত বিষবাষ্প বিয়পোৱা সত্য ৰঞ্জন বৰাৰ বিৰুদ্ধে শিৱসাগৰত দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে৷ উল্লেখ্য যে শিৱসাগৰত গোপনে সভাত অংশগ্ৰহণ কৰে সত্য ৰঞ্জন বৰাই৷ ফলত বৰাক বিচাৰি দল-সংগঠনে অভিযান চলায় ৷
ইপিনে, ৰাইজৰ ৰোষত পৰাৰ ভয়ত গোপনে সভাত অংশগ্ৰহণ কৰি আত্মগোপন কৰে সত্য ৰঞ্জন বৰাই৷ মন কৰিব লগা যে মুছলিমৰ মুখত মাৰ মৰাৰ কথা কোৱা সত্য ৰঞ্জন মুর্দাবাদ ধ্বনিৰে অসম যুৱ-ছাত্ৰ সন্মিলন, লাচিত সেনা, উজনি অসম কল্যাণ পৰিষদে উত্তাল কৰে শিৱসাগৰ নগৰৰ মাজ মজিয়াৰ দলমুখ চাৰিআলি।
সংগঠনবোৰে শিৱসাগৰত সাম্প্ৰদায়িক বিষবাষ্প বিয়পাবলৈ চেষ্টা নকৰিবলৈ সকীয়নি দিয়ে সত্য ৰঞ্জন বৰাক৷
ইপিনে শিৱসাগৰ আৰক্ষীৰ বিৰুদ্ধে পক্ষপাত দুষ্ট ভূমিকা লোৱাৰ অভিযোগ কৰে দল-সংগঠনে৷ বৰাৰ বিৰুদ্ধে শিৱসাগৰ সদৰ থানত এজাহাৰ দিয়াৰ পাছতো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পৰিবৰ্তে সুৰক্ষা দিয়াৰ গুৰুতৰ অভিযোগ আৰক্ষীৰ বিৰুদ্ধে তুলিছে দল-সংগঠনে।











