ASSAM TIMES POST
গোলাঘাটঃ বানপানীত ক্ষতিগ্ৰস্ত হোৱা বানাক্ৰান্তৰ সহায়ৰ বাবে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ দহ হাজাৰ টকাৰ বৰঙণি আগবঢ়াইছে নেঘেৰিটিং উচ্চ মাধ্যমিক বিদ্যালয়ে৷ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক তথা স্থানীয় ৰাইজৰ পৰা সংগ্ৰহ কৰা এই ধনৰাশি শুকুৰবাৰে গোলাঘাটপ জিলা উপায়ুক্ত ধীৰেণ হাজৰিকাৰ যোগেদি মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আগবঢ়ায়৷ বিদ্যালয়খনৰ এনে প্ৰচেষ্টাক উপায়ুক্তগৰাকীয়ে শলাগ লয়৷













