ASSAM TIMES POST
নতুন দিল্লীঃ ২০১৪ চনত প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈয়েই নৰেন্দ্ৰ মোডীৰ প্ৰথমটো বিদেশ অভিযানৰ লক্ষ্যস্থান আছিল চুবুৰীয়া ভূটান। পুনৰ প্ৰধানমন্ত্ৰীৰ আসনত বহি আকৌ ভূটানলৈ যাবলৈ মন মেলিছে তেওঁ। বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে শেহতীয়াকৈ কৰা ঘোষণা অনুসৰি, ১৭ ৰপৰা ১৮ আগষ্টলৈকে নৰেন্দ্ৰ মোডী ভূটানত থাকিব। ইয়াত উপস্থিত হৈ তেওঁ জলবিদ্যুৎ উৎপাদন সম্পৰ্কত উমৈহতীয়া সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে।













