ASSAM TIMES POST
গোলাঘাটঃ গোলাঘাট বিধান সভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন এলেকাত শুকুৰবাৰে কংগ্ৰেছ, অগপ দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰে ডেৰ শতাধিক পুৰুষ মহিলাই। বিজেপি জিলা সমিতিৰ মিডিয়া কোষৰ আহ্বায়ক জয়ন্ত কুমাৰ গোস্বামীয়ে জানিবলৈ দিয়া অনুসৰি অগপ দলৰ গোলাঘাট নগৰ আঞ্চলিক সমিতিৰ সভাপতি নিৰ্মল দত্তসহ ৪ গৰাকীয়ে নগৰৰ প্ৰশান্তি গেষ্ট হাউচত বিজেপি দলত যোগদান কৰে।

সেইদৰে পুনৰ নগৰৰ ১৩ নং ৱাৰ্ডত ২৫ গৰাকী মহিলাই বিজেপি নেতা গোস্বামীৰ উপস্থিতিত বিজেপিত যোগদান কৰে। বিজেপি মিডিয়া কোষৰ আহ্বায়ক জয়ন্ত কুমাৰ গোস্বামীৰ আহ্বানত ৬ নং ৱাৰ্ডৰ জুলি বেগমৰ নেতৃত্বত ১০০ গৰাকী পুৰুষ মহিলাই কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰে।
আজি এই যোগদান কালত ১৩ নং ৱাৰ্ডৰ সদস্য ৰণ চলিহা, বিজেপি জিলা সমিতিৰ উপ সভাপতি জুনু গগৈ, অ’বিচি মৰ্চাৰ অঞ্জন বৰা, মিন্টু বৰা, বিজেপি নেতা ৰুবুল বৰা, নগৰ মহিলা মৰ্চাৰ সভানেত্রী হিমাদ্রি হাজৰিকা উপস্থিত থাকে। উল্লেখযোগ্য যে গোলাঘাট বিধান সভা সমষ্টিত এতিয়া কংগ্ৰেছ দল ত্যাগৰ বৃহৎ যোৱাৰ উঠা দেখা পোৱাৰ সমান্তৰালভাৱে এই সুযোগ গ্ৰহণ কৰিছে বিজেপিয়ে।

বিজেপিৰ প্ৰতি ৰাইজৰ আস্থা বৃদ্ধি পোৱা বুলি সদ্য কংগ্ৰেছ দল ত্যাগী পুৰুষ-মহিলাসকলে কয় যে সমাজ উত্তৰণৰ ক্ষেত্ৰত বিজেপিয়ে যিখিনি কৰিছে সেইয়া স্বাধীনতাৰ পাছত পোন প্ৰথমবাৰৰ বাবে এইখিনি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত হৈছে। এনেক্ষেত্ৰত দেশ শক্তিশালী কৰাৰ স্বাৰ্থত বিজেপিত দলেবলে যোগদান কৰি অনাগত দিনত ৰাইজৰ হকে কাম কৰিবলৈ সহযোগিতা কৰাৰ মানসেৰে বিজেপিত যোগদান কৰিছে বুলি উল্লেখ কৰে৷













