ASSAM TIMES POST
নতুন দিল্লীঃ বলিউডৰ তাৰকা অক্ষয় কুমাৰ আৰু জন আব্ৰাহমৰ ৰং-তামাচাই যথেষ্ট চৰ্চা লাভ কৰিছে। ৰুটীনমাফিক কাম-কাজৰপৰা ক্ষন্তেক অব্যাহতি লৈ দুয়ো কৰা শিশুসুলভ আচৰণে সকলোকে মুগ্ধ কৰি তুলিছে।

শুকুৰবাৰে অক্ষয় কুমাৰে ছ’চিয়েল মাইক্ৰ’ব্লগিং চাইট টুইটাৰত এখন বিশেষ ফটো আপল’ড কৰাতে সমগ্ৰ চৰ্চাৰ সূত্ৰপাত ঘটে। ফটোখনত দেখা যায় যে জন আব্ৰাহমে অক্ষয় কুমাৰক পিঠিত লৈ আনন্দত মতলীয়া হৈ পৰিছে। ফটোখন আপল’ড কৰি অক্ষয়ে ইয়াক ফূৰ্তি-তামাচা আখ্যা দিয়ে। এই টুইটটো সন্দৰ্ভত বহুতেই মত প্ৰকাশ কৰি নষ্টালজিক হৈ পৰিছে।













