
শিৱসাগৰ পৰা আছিফ আলি
শিৱসাগৰৰত এটা নিউজ পৰ্টেলত হিন্দুত্ববাদী নেতাজনে জাতীয় সংগঠনৰ প্ৰতিবাদক উপলুঙা সূচকভাৱে উৎপাত আৰু চিঞৰ-বাখৰ কৰিছে বুলি কোৱাৰ পাছত তাৎক্ষনিকভাৱে শিৱসাগৰৰ দল সংগঠনসমূহে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। সত্যৰঞ্জনক বন্ধ কোঠাৰ ভিতৰত আস্ফালন নকৰি মুকলি বিতৰ্কলৈ অহাৰ প্ৰত্যাহ্বান। তেওঁৰ দৰে ভণ্ড হিন্দুত্ববাদী নেতাক শিৱসাগৰবাসীয়ে কোনো দিনে গুৰুত্ব প্ৰদান নকৰে।
শিৱসাগৰত যাতে সাম্প্ৰদায়িক বিষবস্প বিয়পি নপৰে তাৰ বাবেহে এই প্ৰতিবাদ। তেঁওক এজন জ্ঞান শূন্য ব্যক্তি বুলি কোৱাৰ লগতে সংগঠনে কোনো দিনে হিন্দু মুছলিমৰ সম্প্ৰদায়িক শক্তিক প্ৰশ্ৰয় নিদিয়ে।
যুদ্ধক্ষেত্ৰৰ পৰা পলায়ন কৰি ব্যক্তিয়ে বন্ধকোঠাৰ পৰা আস্ফালন কৰা কোনো ডাঙৰ কথা নহয়। সত্যৰঞ্জন বৰায়ে শিৱসাগৰত ফুলৰ থোপাৰে সম্ভাষণ পাব ভাবিছিল। কিন্তু শিৱসাগৰবাসী যে সমাজ সচেতন কোনো সাম্প্ৰদায়িক শক্তিক প্ৰশ্ৰয় নিদিয়ে। শিৱসাগৰত সাম্প্ৰদায়িক বিষ বাষ্ফ বিয়পাব অহিলে পশু খেদা দিয়াটো স্বাভাৱিক পুণৰাই এনে কৰিলে বান্ধি থোৱা হ’ব বুলি কয়।
বিজেপি দলে এজন অজ্ঞানী অভদ্ৰ ব্যক্তিক ধৰ্ম প্ৰচাৰ কৰিবলৈ পঠাইছে বুলি কোৱাৰ লগতে বিতৰ্কিত নেতাজনক মুকলি বিতৰ্ক কৰিবলৈ প্ৰত্যহ্বান জনায়।











