
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
বিগত বহু বছৰৰ পৰা লংকাৰ ৰে’লৱে ইয়াৰ্ডত বৈধ-অবৈধভাৱে চিমেণ্ট নিৰ্মাণৰ কামত ব্যৱহৃত ফ্লাইছ ৰে’লেৰে আনি লংকা ৰে’ল ষ্টেচনত নমাই, পুনৰ ট্ৰাকৰে ষ্টেচনৰ পৰা লংকাৰ কাষৰীয়া চিমেণ্ট কাৰখানালৈ নিয়া হয়।
কিন্তু, আজি মালবাহী ৰে’লেত মুকলীমুৰিয়াকৈ অনা ফ্লাইজ লংকা ৰে’ল ষ্টেচনত নমাই আন ঠাইলৈ নিবলৈ পুনৰ ট্ৰাকত উঠাওতেই স্হানীয় পুৰুষ-মহিলা ৰে’লৰ ইয়াৰ্ডত উপস্থিত হৈ কাম বন্ধ কৰাৰ লগতে সাৱস্ত কৰে প্ৰতিবাদ।
উল্লেখ্য যে, লংকা ৰে’ল ষ্টেচনৰ ইয়াৰ্ডত ফ্লাইছ উঠোৱা-নমোৱাত উৰে বহু ধূলি-বালি। ফলত সৃষ্টি হয় পৰিবেশ প্ৰদূষণৰ, যাৰ বাবে ষ্টেচনৰ কাষতেই থকা কণ-কণ শিশুৰ পৰা ধৰি বহু স্হানীয় ৰাইজ ভোগীৱ লগা হৈছে অচিন বেমাৰত।
স্হানীয় ৰাইজে উক্ত বিষয়ক লৈ বহু অভিযোগ ৰে’ল কৰ্তৃপক্ষ আৰু স্হানীয় প্ৰশাসনক দিছে যদিও গুৰুত্ব নিদিয়াৰ অভিযোগ। পিছত ঘটনাস্হলীত লংকা ৰে’ল আৰক্ষী আৰু স্হানীয় আৰক্ষী থানাৰ লোক উপস্হিত হৈ পৰিস্হিতি শান্ত কৰে।











