ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

’লকডাউন’,’আনলক’ আৰু ‘আমি’

ASSAM TIMES POST by ASSAM TIMES POST
August 25, 2020
Reading Time: 1 min read
A A
0
’লকডাউন’,’আনলক’ আৰু ‘আমি’

logo new 2 12 | ASSAM TIMES POST
মনালিছা গগৈ:

RELATED POSTS

Assam CM Hails Tiger Conservation Success on International Tiger Day

Assam Assembly Approves Six Bills; Key Satellite City Bill Dominates

Kamrup Police Bust Cattle Smuggling Ring — 3 Arrested, 16 Seized

লকডাউন,আনলক !আমাৰ মাজৰ প্ৰায় সকলৰ বাবেই এই শব্দবোৰ নতুন৷ কিন্তু আমি আটায়ে ইয়াৰ লগত পৰিচিত হোৱাৰ সুযোগ পালো৷ লকডাউনে আমাক অভিজ্ঞ কৰি তুলিলে বহুবোৰ দিশত৷বয়সে শিকাব নোৱাৰা,আনুষ্ঠানিক শিক্ষাৰ যোগেদি আহৰণ কৰিব নোৱাৰা বহুবোৰ কথাই শিকিলো আমি এই দিনকেইটাত৷ এতিয়া এটা তথাকথিত Seating job ৰ পিছত দৌৰা আমাৰ মাজৰে বহুতেই উৎপাদনমুখী কামত জড়িত হোৱাৰ পৰিকল্পনা কৰিছে৷

farmer 20200517 420 630 | ASSAM TIMES POST

গাঁৱৰ মহামূল্যবান মাটি বিক্ৰী কৰি চৰকাৰী চাকৰি ল’বলৈ হাহাকাৰ কৰা বহুতেই এতিয়া জীৱনৰ লক্ষ্য সলাই সেউজ সপোন দেখাৰ অৱকাশ বিচাৰি পাইছে৷জীৱনত কোনো দিনে গছত লাগি থকা জলকীয়া এটাও ছিঙি নোপোৱা জনেও ভাবিবলৈ লৈছে নিজাকৈ কিবা এটা কৰাৰ কথা৷

পৰমুখাপেক্ষী জীৱন বৰ কষ্টকৰ৷সেয়া লাগিলে ধনৰ বাবেই হওক,অথবা খাদ্যৰ বাবেই হওক!সেই কথা এতিয়া বিশ্বৰ প্ৰায় প্ৰতিগৰাকী ব্যক্তিয়ে উপলব্ধি কৰিছে৷প্ৰচুৰ সমলেৰে ভৰপূৰ নিজৰ ঠাইখন এৰি বহুতেই আন ৰাজ্যত খুব কম দৰমহাত কাম কৰিবলৈ যায়৷যি কেইটা দৰমহাৰ বাবে আমাৰ যুৱক যুৱতীসকল যায় তাতোকৈ বহুগুণে অধিক উপাৰ্জন কৰিব পাৰে নিজৰ ঘৰত থাকিয়ে৷অথচ নিজৰ বাৰী, মাটি বন্ধকত দি সম্পূৰ্ণ অনুৎপাদনশীল ,অনিশ্চয়তাৰ এক ভবিষ্যতক আকোৱালি ল’বলৈ যায় এই চামটোৱে৷অৱশ্যে নিজৰ দক্ষতাৰ বলত কৰ্মসংস্থাপন লাভ কৰা লোকৰ কথা এই ক্ষেত্ৰত সুকীয়া৷

মোৰ দৃষ্টিত মানুহ হিচাবে জন্মগ্ৰহণ কৰা প্ৰতিগৰাকী লোকৰে কিবা নহয় কিবা এটা বিষয়ত capability আৰু capacity আছে৷কিন্তু বহুবোৰ সময়ত আমি নিজৰ দক্ষতাখিনি বিচাৰি ওলিওৱাত ব্যৰ্থ হওঁ!আৰু বহুক্ষেত্ৰত আমি আমাৰ বন্ধু বান্ধৱ,শুভাকাংক্ষী,পৰিয়াল বৰ্গৰ পৰাও যোগাত্মক সহাৰি নাপাওঁ৷বহু সময়ত কাৰোবাৰ লগত শ্বেয়াৰ কৰিলেও সদৰ্থক সঁহাৰি নোপোৱাৰ বাবেই তেওঁলোক বিচলিত হ’বলগীয়া হয়৷

অপ্ৰিয় হ’লেও একেবাৰে সত্য কথাটো হ’ল আমাাৰ মাজৰ বহুতেই আনৰ উপকাৰটো কৰিব নোৱাৰোৱেই ,অপকাৰ কৰিবলৈয়ো কুণ্ঠাবোধ নকৰো৷সেয়ে আমাৰ সমাজত বহুতবোৰ মানৱ সম্পদ অকালতে মৰহি গৈছে অথবা বিপথে পৰিচালিত হৈ ভাং,কানি,সুৰা,ড্ৰাগছৰ প্ৰতি আসক্ত হৈ নিজৰ জীৱনলৈ ধ্বংস মাতি আনিছে৷মোৰ দৃষ্টিত এওঁলোক প্ৰতিগৰাকীয়েই একো একোজন মানৱ সম্পদ৷কিন্তু ইয়াৰ সদব্যৱহাৰ আমি নকৰো বা কৰাৰ সুুযোগো ওলিয়াই নিদিওঁ৷

বহুক্ষেত্ৰত প্ৰতিপত্তিশীল পিতৃ মাতৃয়ে সন্তানৰ কুকাৰ্য লুকুৱাই ৰাখিও নিজৰ সন্তানৰ ভৱিষ্যত ধ্বংস কৰা দেখা যায়৷সমাজৰ দৃষ্টিত অকৰ্মণ্য,অযোগ্যজনো আমাৰ বাবে প্ৰকৃতাৰ্থত একো একোজন মানৱ সম্পদ৷কিন্তু দুখৰ বিষয় এয়ে যে আমিবোৰে তেওঁলোকৰ লুপ্ত অথবা সুপ্ত প্ৰতিভা বিকাশত গুৰুত্ব নিদি তেওঁলোকক আপদ হিচাবে বিবেচনা কৰি একাষৰীয়া কৰি দিওঁ৷

State pic e1598356639420 | ASSAM TIMES POST

সেয়ে বহুবোৰ মানৱ সম্পদ আমি ইতিমধ্যে হেৰুৱালো আৰু এনে পৰিবেশত অনাগত দিনত আৰু বহুতবোৰ সম্পদ হেৰুৱাম৷ লকডাউনে মই ভাবো আমাৰ স্বাৰ্থপৰ মনবোৰ বহুত বহল কৰিলে৷এই লকডাউনৰ জীৱনে আমাক বহুবোৰ কথা নতুনকৈ ভাবিবলৈ শিকালে৷স্বনিৰ্ভৰশীল হ’বলৈ অনুপ্ৰেৰণা যোগালে৷

এজনে আনজনক সহায় কৰাৰ মানসিকতাও গঢ়ি তুলিলে ৷ ক’ৰোনা -লকডাউনৰ এই সময়খিনিত মানৱ জাতিয়ে আগতে নকৰা বহুবোৰ উপলব্ধিয়ে কৰিলে৷এই সময়চোৱাত আমাৰ মাজৰ অহংকাৰী মানুহবোৰে উপলব্ধি কৰিছে যে ধন সম্পত্তিৰ একো মূল্য নাই৷প্ৰকৃতিয়েই ভগৱান আৰু এই প্ৰকৃতিৰ ওপৰত হোৱা প্ৰতিটো অন্যায় অবিচাৰৰ মূল্য আমি ভৰিব লাগিব আৰু সেয়ে আমি আটায়ে প্ৰকৃতিক ভাল পোৱা উচিত৷প্ৰকৃতিৰ ওচৰত সকলোৰে মূল্য একে৷

বিজ্ঞানে সকলো সম্ভৱ কৰি তুলিলে কিন্তু প্ৰকৃতিৰ ওচৰত বিজ্ঞানো যেন পৰাভূত৷ কৃষিখণ্ডহে যে আমাৰ অৰ্থনীতিৰ মূল ভেটি সেই কথা আজি মৰ্মে মৰ্মে সকলোৱে উপলব্ধি কৰিছে৷গ্ৰাম্য অৰ্থনীতি সবল কৰাৰ সময় আজি সময়ৰ আহ্বান৷

সময়ত কৈ আগত দৌৰিব খোজা অতি আত্মকেন্দ্ৰিক মানুহবোৰেও আজি বুজি উঠিছে আমাৰ ইচ্ছাত নহয় এক অদৃশ্য শক্তিৰ ঠাঁৰত হে আমিবোৰ নিয়ন্ত্ৰিত৷

শেষত ভূপেন দাৰ ভাষাৰেই কওঁ মানুহে মানুহৰ বাবে ভাবিবই লাগিব৷মানৱ কল্যাণৰ হকে আমি কাম কৰিবই লাগিব৷আমি কোনো অকলশৰীয়া নহয়!লকডাউনে আমাক ঐক্যবদ্ধ কৰিলে৷আৰু আহক আমি এনে এক ঐক্যবদ্ধ সংগ্ৰামৰ পাতনি মেলো যাৰ জৰিয়তে আমি সমাজত মানৱ সম্পদ সৃষ্টিৰ পটভূমি তৈয়াৰ কৰিব পাৰো ,প্ৰতিজনেই স্বনিৰ্ভৰশীল হওঁ আৰু নিজৰ লগতে আনকো জীৱনটো সঁচা অৰ্থত যাপন কৰাৰ সুযোগ প্ৰদান কৰাৰ পৰিবেশ এটা গঢ়ি তোলো৷

Tags: Featured
Share4Tweet3Send

Related Posts

Assam CM Hails Tiger Conservation Success on International Tiger Day
Assam

Assam CM Hails Tiger Conservation Success on International Tiger Day

by Staff Reporter
July 29, 2026
50
Assam Assembly Approves Six Bills; Key Satellite City Bill Dominates
Assam

Assam Assembly Approves Six Bills; Key Satellite City Bill Dominates

by News Desk
July 28, 2026
50
Kamrup Police Bust Cattle Smuggling Ring — 3 Arrested, 16 Seized
Assam

Kamrup Police Bust Cattle Smuggling Ring — 3 Arrested, 16 Seized

by Staff Reporter
July 28, 2026
50
Assam MLA Hitendra Nath Goswami Defends Foreign Trip Amid Flood Outcry
Assam

Assam MLA Hitendra Nath Goswami Defends Foreign Trip Amid Flood Outcry

by Staff Reporter
July 27, 2026
50
Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি
Assam

Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি

by News Desk
July 24, 2026
50
Upper Assam flood tragedy : উজনি অসমত স্বাভাৱিকতকৈ ১৮১% বৃষ্টিপাত
Assam

Upper Assam flood tragedy : উজনি অসমত স্বাভাৱিকতকৈ ১৮১% বৃষ্টিপাত

by ASSAM TIMES POST
July 23, 2026
50
ADVERTISEMENT
Assam CM Hails Tiger Conservation Success on International Tiger Day
Assam

Assam CM Hails Tiger Conservation Success on International Tiger Day

July 29, 2026
50
Assam Assembly Approves Six Bills; Key Satellite City Bill Dominates
Assam

Assam Assembly Approves Six Bills; Key Satellite City Bill Dominates

July 28, 2026
50
Tarun Ram Phukan : ডিফুত দেশভক্তি দিৱস উদযাপন
DIPHU

Tarun Ram Phukan : ডিফুত দেশভক্তি দিৱস উদযাপন

July 28, 2026
50
World Hepatitis Day : ডিফু নগৰীয়া স্বাস্থ্য কেন্দ্ৰত বিশ্ব হেপাটাইটিছ দিৱস পালন
DIPHU

World Hepatitis Day : ডিফু নগৰীয়া স্বাস্থ্য কেন্দ্ৰত বিশ্ব হেপাটাইটিছ দিৱস পালন

July 28, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam CM Hails Tiger Conservation Success on International Tiger Day

Assam CM Hails Tiger Conservation Success on International Tiger Day

July 29, 2026
Assam Assembly Approves Six Bills; Key Satellite City Bill Dominates

Assam Assembly Approves Six Bills; Key Satellite City Bill Dominates

July 28, 2026
Tarun Ram Phukan : ডিফুত দেশভক্তি দিৱস উদযাপন

Tarun Ram Phukan : ডিফুত দেশভক্তি দিৱস উদযাপন

July 28, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx