ASSAM TIMES POST
নতুন দিল্লীঃ সংবিধানৰ ৩৭০ নং অনুচ্ছেদক লাকী নম্বৰ হিচাপে ব্যৱহাৰ কৰি শুকুৰবাৰে গেৰুৱা বসন পিন্ধি আজৰি হ’ল কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ভূৱনেশ্বৰ কলিতা। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি, দুদিন পূৰ্বলৈকে ৰাজ্যসভাত কংগ্ৰেছৰ মুখ্য হুইপৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰা দলটোৰ জ্যেষ্ঠ নেতাজনে ভাৰতীয় জনতা পাৰ্টিৰ সদৰত কেন্দ্ৰীয় মন্ত্ৰী পীয়ূষ গোৱেল আৰু আন জ্যেষ্ঠ নেতাসকলৰ উপস্থিতিত দলটোত যোগদান কৰে।
কলিতাৰ বিজেপিত আনুষ্ঠানিক যোগদানৰ পাছতেই এলানি টুইটাৰৰ যোগেদিয়েও দলটোৱে তেওঁক আদৰণি জনায়। ইয়াত কয় যে ৰাজনৈতিক আৰু সামাজিক জীৱনত কলিতাৰ অৱদান গুৰুত্বপূৰ্ণ আৰু আদৰ্শৰ সংঘাতৰ কাৰণেই কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিছে। উল্লেখ্য যিসময়ত কংগ্ৰেছে সভাপতি এজনক বিচাৰি হাবাথুৰি খাবলগীয়া হৈছে, তেনে সময়তে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা কলিতাই বিজেপিত যোগদান কৰা কাৰ্যই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
মূলতঃ জম্মু আৰু কাশ্মীৰক লৈ কংগ্ৰেছৰ স্থিতিক বিৰোধিতা কৰিয়েই কলিতাই ৰাজ্যসভাৰপৰা পদত্যাগ কৰে। বৰ্তমান কেন্দ্ৰত শাসনাধিষ্ঠিত ভাজপা নেতৃত্বাধীন এনডিএ চৰকাৰখনে শেহতীয়াভাৱে জম্মু-কাশ্মীৰত বৰ্তি থকা ৩৭০ নং অনুচ্ছেদ বাতিল কৰাৰ গইনাৰেই কংগ্ৰেছ ত্যাগ কৰে কলিতাই। কিন্তু কংগ্ৰেছৰ বিপৰ্যয়ৰ সময়ত ৩৭০ নং অনুচ্ছেদক লৈ কলিতাৰ চিন্তাতকৈ তেওঁৰ ৰাজনৈতিক সুবিধাবাদহে প্ৰকট হৈ পৰিল বুলি ভিন্ন মহলত প্ৰকাশ পাইছে।













