
নিউজ ডেস্কঃ ১ ছেপ্টেম্বৰৰ পৰা দেশজুৰি আৰম্ভ হ’ব ‘আনলক-৪’। এই পর্যায়ত এইবাৰ আর্থিক কার্যকলাপত গতি অনা আৰু কর্মসংস্থাপনৰ সুযোগ বৃদ্ধিয়েই লক্ষ্য কেন্দ্রৰ। সেয়ে এইবাৰ লোকেল ট্রেইন, মেট্রো ৰেল সেৱা পুনৰ আৰম্ভ কৰাৰ চিন্তা-ভাবনা কৰিছে গৃহ মন্ত্রালয়ে।
চতুর্থ পর্যায়ৰ আনলকৰ পৰা মেট্রো সেৱা আৰম্ভণিৰ অনুমতি দিব পাৰে কেন্দ্রই। সেই বিষয়ত শীঘ্রেই নির্দেশনা জাৰি কৰা হ’ব বুলি শীৰ্ষ সূত্ৰে জানিব পৰা গৈছে।
মার্চৰ শেষভাগৰ পৰাই দেশৰ বিভিন্ন প্রান্তত মেট্রো চলাচল স্তব্ধ হৈ গৈছিল। ১ জুনৰ পৰা আনলক পর্যায় আৰম্ভ কৰা হ’লেও মেট্রো সেৱাত অনুমতি দিয়া হোৱা নাই।
তাৰ মাজতে জুনৰ শেষভাগত কেন্দ্রীয় গৃহ সচিব অজয় ভাল্লাক পত্ৰৰ জৰিয়তে মেট্রো সেৱা আৰম্ভ কৰাৰ আর্জি জনাইছিল পশ্চিমবঙ্গৰ মুখ্য সচিবে। সেই আর্জিত গুৰুত্ব দি কেৱল মাত্র জৰুৰী সেৱাত জড়িত কৰ্মচাৰীসকলৰ বাবে কলকাতা মেট্রো সেৱা আৰম্ভ হৈছিল যদিও কেইদিনমান পিছতে পুনৰ বন্ধ কৰি দিয়া হয়৷
তাৰ পিছত দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালেও পৰ্যায়ক্ৰমে মেট্রো সেৱা আৰম্ভ কৰাৰ আর্জি জনায় কেন্দ্রীয় চৰকাৰৰ ওচৰত।
ইয়াৰ মাজতে দেশৰ বিভিন্ন চহৰত মেট্রো ছার্ভিচ আৰম্ভ কৰাক লৈ চৰ্চা আৰম্ভ হৈছে। অৱশ্যে আপত্তিও জনাইছে বহু কেইখন ৰাজ্যই। কিন্তু সূত্রৰ খবৰ মতে, মেট্রো সেৱা আৰম্ভ কৰাৰ অনুমতি দিব পাৰে গৃহ মন্ত্ৰালয়ে।
অৱশ্যে এই পর্যন্ত লোকেল ট্রেইন আৰু মেট্রো ৰে’ল সেৱা আৰম্ভ কৰাৰ বিষয়ত চূড়ান্ত সিদ্ধান্ত লোৱা নাই কেন্দ্রই। হয়তো এই সম্পৰ্কীয় বৈঠকত দ্রুত সিদ্ধান্ত লোৱা হ’ব।
অৱশ্যে স্কুল-কলেজ এতিয়াই খোলাৰ সম্ভাৱনা নাই বুলি জনা গৈছে। সূত্রৰ খবৰ মতে, স্কুল-কলেজ খোলাৰ পক্ষত একমত নহয় ৰাজ্যসমূহ। সেইকাৰণে স্কুল-কলেজত নিষেধাজ্ঞা বাহাল থাকিব।
আন্তর্জাতিক উৰান সংক্রান্তীয় বিধিতো এতিয়াই কোনো পৰিবর্তন হোৱাৰ সম্ভাৱনা কম। বন্দে ভাৰত মিছনত বিদেশত বন্দী হৈ থকা ভাৰতীয়সকলক দেশলৈ ঘূৰাই অনাৰ প্রক্রিয়া অৱশ্যে চলি থাকিব। খুলিব পাৰে ছিঙ্গল থিয়েটাৰ চিনেমা হল, প্ৰেক্ষাগৃহ। ৫০ শতাংশ আসনৰ টিকট বিক্রীৰ অনুমতি দিয়া হ’ব পাৰে। সেই ক্ষেত্রত মানিব লাগিব স্বাস্থ্যবিধি, বাধ্যতামূল মাস্ক। কিন্তু এই বিষয়ত চূড়ান্ত সিদ্ধান্ত গ্ৰহণৰ দায়িত্ব দিয়া হ’ব ৰাজ্যসমূহৰ ওপৰত।
বেংকুৱেট বা ছিঙ্গল থিয়েটাৰ চিনেমা হল খোলা হ’লেও, বিনোদন পার্ক, মাল্টি-স্ক্রিন চিনেমা হল খোলাৰ সম্ভাৱনা এতিয়াই কম। কেন্দ্রীয় পর্যটন মন্ত্রী প্রহ্লাদ পটেলে জনোৱা মতে, ‘৫০ শতাংশ মানুহৰ সমাবেশৰ অনুমতিসহ বেংকুৱেট হল খোলাৰ বিষয়ে আমি গৃহ মন্ত্রালয়ক পত্ৰ দিছো। হোটেল মালিকসকলেও তেওঁলোকৰ কাম আৰম্ভ কৰিব বাচাৰে। চৰকাৰে এই বিষয়ত শীঘ্ৰে সিদ্ধান্ত গ্ৰহণ কৰিব। পর্যটন উদ্যোগৰ সৈতে জড়িত সকলোৱেই বিচাৰে, শীঘ্ৰে কাম আৰম্ভ হওক।’












