
লংকা বন বিভাগে চোৰাং কাঠসহ মালবাহী মেজিক গাড়ী জব্দ কৰে৷ লংকা বন বিভাগৰ লোকে বুধবাৰে বিশেষ সূত্ৰৰ পম খেদি ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কপাঁহবাৰী অঞ্চলৰ পৰা চোৰাং কাঠ সৰবৰাহ কৰা টাটা মেজিক গাড়ী জব্দ কৰে৷ তাৰ লগতে আটক কৰে গাড়ীখনৰ চালক আব্দুল মান্নানক৷
উল্লেখ্য যে লংকা বন বিভাগৰ লোকে চোৰাং কাঠৰ গাড়ীখন ৰাষ্ট্ৰীয় ঘাইপথেৰে শংকৰদেৱ নগৰৰ পৰা পিছে পিছে খেদি গৈ কপাঁহবাৰী অঞ্চলৰ পৰা জব্দ কৰিবলৈ সক্ষম হয়৷ ৰাষ্ট্ৰীয় ঘাইপথেৰে লংকাৰ মাৰ্কেটিঙৰ পৰা ডৱকালৈ এএছ ০২ বিচি ৩১০৩ নম্বৰৰ টাটা মেজিক গাড়ীখন গৈ আছিল৷
পিছত জব্দ কৰা টাটা মেজিক গাড়ী আৰু আটক কৰা চালকজনক লংকা আঞ্চলিক বন বিভাগৰ কাৰ্যালয়লৈ অনা হয়৷











