
শিৱসাগৰ পৰা আছিফ আলি
মহিলা শক্তি সংবৰ্দ্ধন ক্ষেত্ৰ, অসম নামৰ এক মহিলা অনুষ্ঠানৰ স্বযম্ভু নেত্ৰী গীত কামৰূপা নামৰ এগৰাকী মহিলাৰ বহু বিতৰ্কিত ভাষ্যই উত্তাল কৰিছে শিৱসাগৰ। গীত কামৰূপা নামৰ মহিলা গৰাকীয়ে সামাজিক মাধ্যমৰ মাজেৰে কালি এক বাৰ্তা প্ৰেৰণ কৰি শিৱসাগৰৰ হাজাৰ হাজাৰ মহিলা পতিতা বৃত্তিত জড়িত বুলি উল্লেখ কৰি এনে পতিতা বৃত্তিৰ লগত শিৱসাগৰৰ দল-সংগঠন জড়িত থকাৰ চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰিছিল।লগতে তেওঁ এনে পতিতা বৃত্তিৰ লগত মধ্যভোগী ৰূপে শিৱসাগৰৰ দল-সংগঠন জড়িত থকাৰ অভিযোগ উত্থাপন কৰে তথাকথিত নাৰীবাদী নেত্ৰী গৰাকীয়ে।
তেওঁ শিৱসাগৰৰ ষাঠি শতাংশ লোক মুছলমান বুলি সাম্প্ৰদায়িক মন্তব্য কৰি এইসকল মুছলমান লোকৰ পৰা কমিছনৰ অংকত দল-সংগঠন পৰিচালিত হোৱাৰ জঘন্য অভিযোগ উঠাইছে। গীত কামৰূপাৰ এনে বক্তব্যক লৈ আজি শিৱসাগৰৰ দল-সংগঠন জাঙুৰ খাই উঠিছে। সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ দেৱজিৎ দত্তই গীত কামৰূপা নামৰ মহিলা গৰাকীক আৰ এছ এছ ৰ দালাল বুলি অভিহিত কৰি সত্যৰঞ্জন বৰাৰ আলধৰা হৈ শিৱসাগৰত সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ চেষ্টা কৰিছে বুলি উষ্মা প্ৰকাশ কৰে।তেওঁ গীত কামৰূপাক তেওঁৰ অভিযোগসমূহ ১২ ঘণ্টাৰ ভিতৰত তথ্য সহকাৰে প্ৰমাণ কৰাৰ প্ৰত্যাহ্বান জনাই কয় যে অন্যথা শিৱসাগৰৰ দল সংগঠনে আইনী ব্যৱস্থা গ্ৰহণৰ বাবে বাধ্য হ’ব।











