
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
লংকাৰ ষ্টেট বেংকৰ পৰা পশ্চিম লংকাৰ শিবু মালাকাৰ নামৰ লোকজনে টকা উঠাই ঘৰলৈ যাবলৈ ই-ৰিস্কাত উঠোতেই দূৰ্বৃত্বই শিবুৰ কান্ধত থকা বেগটো থপিয়াই লৈ লংকা পট্টী দিশে উধাও হয় । কান্ধত থকা বেগটোত নগদ ১লাখ ৪০ হাজাৰ টকা থকাৰ লগতে আছিল এছ বি আই এটিম, বেংক পাছবুক আৰু মূল্যৱান নথি-পত্ৰ।
ভোক্তভোগী শিবু মালাকাৰে লংকা আৰক্ষী থানাত ঘটনা সন্দৰ্ভত দাখিল কৰিছে এক এজাহাৰ।











