
অসম দৰ্শন আঁচনিৰ অধীনত ৰাজ্যৰ ৮ হাজাৰ নামঘৰলৈ আৰ্থিক অনুদান ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। প্ৰতিটো নামঘৰত ২.৫০ লাখ টকাকৈ আগবঢ়াব পুঁজি। প্ৰতিটো সমষ্টিত প্ৰথম পৰ্যায়ত ৫৫টাকৈ নামঘৰত দিয়া হ’ব এই অনুদান। সমষ্টিৰ অতি পুৰণি নামঘৰটোক দিয়া হ’ব প্ৰথম অগ্ৰাধিকাৰ। জিলা উপায়ুক্তক প্ৰস্তুত কৰিব নামঘৰৰ তালিকা- জনতা ভৱনত সম্বোধন কৰা সংবাদমেলত ঘোষণা মন্ত্ৰী শৰ্মাৰ।
উল্লেখ্য আঁচনিত মন্দিৰ, মছজিদ, গীৰ্জা আদি ধর্মীয় অনুষ্ঠানসমূহ অন্তৰ্ভুক্ত নহ’ব। অক্টোবৰৰ প্ৰথম সপ্তাহত প্ৰদান কৰা হ’ব আঁচনি আৰম্ভণি। গুৰুত্বপূৰ্ণ কথা এই যে ৭ হাজাৰ নামঘৰ জিলা উপায়ুক্তসকলে নিৰ্ধাৰণ কৰিব আৰু এক হাজাৰ ৰাজ্য চৰকাৰে। চৰকাৰে নিৰ্ধাৰণ কৰিবলগা নামঘৰৰ ভিতৰত প্ৰবাসী অসমীয়াই বহি ৰাজ্যত স্থাপন কৰা নামঘৰসমূহক সামৰি লোৱা চেষ্টা কৰিব বুলি মন্ত্ৰীগৰাকীয়ে জানিব দিয়ে।
ৰাজ্য ৩৭৭টা ১০০ বছৰৰ পুৰণি ধৰ্মীয় অনুষ্ঠানলৈ ১০ লাখ টকালৈ আৰ্থিক অনুদান দিয়াৰ বাবে পুঁজি অনুমোদন জনোৱা বুলি মন্ত্ৰীগৰাকীয়ে কয়।












