অজন্তা তালুকদাৰ:
বোকাখাত : বোকাখাত মহকুমাৰ নুমলীগড়ৰ দিপামণি বৰা(৪২)ৰ আজি পুৱা ১০ মান বজাত নিজা বাসগৃহত পৰলোক প্ৰাপ্তি ঘটে। বৃহত্তৰ নুমলীগড়ৰ অঞ্চলৰ প্ৰতিজন লোকৰ সতে অতি সু-সম্পৰ্ক থকা দিপামণি কিছুদিন ধৰি অসুখত ভুগি আছিল।
দিপামণিৰ মৃত্যুত আজি তেওঁৰ পিতৃগৃহত অগণন লোকৰ সমাগম ঘটে আৰু এক শোকাকুল পৰিবেশৰ সৃষ্টি হয়। তেওঁৰ অন্তিম বিদায়ৰ সময়ত নুমলীগড় শাশ্বতী লেখিকা সমাৰোহ সমিতি, নুমলীগড়ৰ ভাস্বতী শাখা সাহিত্য সভা, নুমলীগড় সাংবাদিক সন্থা, নাট্য মন্দিৰ সমিতি, নুমলীগড় ধৰ্মসভা পূজা সমিতি, নুমলীগড় বজাৰ সমিতি, সংস্কাৰ আৰু চিন্তন স্বেচ্ছাসেৱী সংস্থা, ত্ৰিবেনী সংগীত কলা একাডেমী, নুমলীগড় চাহ কৰ্মচাৰী সংঘ আদিৰ লগতে বিভিন্ন দল সংগঠন আৰু ব্যক্তিয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
অতি অমায়িক, জনপ্ৰিয় আৰু হাস্যময়ী মহিলা গৰাকীৰ মৃত্যুত সমগ্ৰ নুমলীগড় অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে। মৃত্যুৰ সময়ত দিপামণি বৰাই দুই ককায়েক , বৌয়েক , বায়েক, ভটিজা সহ বহুজনক এই সংসাৰত এৰি থৈ গৈছে।













