
মনোজ কুমাৰ পাঠক
লংকা : ৰাজ্যত যৌতুকৰ বাবে প্ৰাণ হেৰুৱাব লগা হ’ল লংকা শংকৰদেৱ নগৰৰ এগৰাকী বোৱাৰীয়ে৷ জানিব পৰা মতে, এবছৰৰ পূৰ্বে লংকাৰ শংকৰদেৱ নগৰৰ গোলাপ চাহু নামৰ লোকজনৰ লগত তিনিচুকীয়া জিলাৰ তালাপ বাগানৰ শকুন্তলা তেলী বিবাহপাশত আবদ্ধ হৈছিল। বিবাহৰ পিছৰে পৰা শকুন্তলা তেলীক যৌতুক বিচাৰি স্বামী পৰিয়ালে চলাই আহিছিল নানান শাৰীৰিক তথা মানসিক নিৰ্যাতন৷ সন্তান সম্ভৱনা সময়ত স্বামী পৰিয়ালে শকুন্তলা তেলীক নিৰ্যাতন কৰাৰ কথা মাতৃ পৰিয়ালে জানিব পাৰি যোৱা ১৭ আগষ্টত শংকৰদেৱ নগৰৰ পৰা মাতৃগৃহৰ লৈ যায়৷ তিনিচুকীয়া লৈ যোৱাৰ পিছতেই অসুস্থ হৈ পৰা শকুন্তলাক পৰিয়ালৰ লোকে চিকিৎসালয়ত ভৰ্তি কৰাই যদিও চিকিৎসালয়তেই তেওঁ মৃত্যুক সাৱতি লয়।
পিছত দেওবাৰে পুৱা শংকৰদেৱ নগৰত থকা স্বামী গৃহত মাতৃ পৰিয়ালে শকুন্তলাৰ মৃতদেহ চমজাই দিবলৈ আহে যদিও স্বামী গোলাপ চাহু লগতে স্বামী পৰিয়ালৰ সকলো সদস্য ঘৰ এৰি পলায়ন কৰে৷ পিছত স্থানীয় ৰাইজ আৰু মহিলা সমিতিৰ লোক ঘটনাস্থলীত উপস্থিত হোৱাত স্বামী পৰিয়ালয়ে শকুন্তলাৰ মৃতদেহ চমজি লয়৷
বৰ্তমান শকুন্তলাৰ মাতৃ পৰিয়ালে স্বামী আৰু স্বামী পৰিয়ালৰ বিৰুদ্ধে শংকৰদেৱ নগৰ আৰক্ষী পহৰা চকীত দাখিল কৰিছে এক এজাহাৰ। উল্লেখ্য যে স্বামী পৰিয়ালে শকুন্তলাৰ মৃতদেহ চমজাই লোৱা সময়ত স্থানীয় লোকৰ পৰা স্বামী পৰিয়ালে কৰা অকৰ্থ্য নিৰ্যাতনৰ কথা পোহৰলৈ আহে৷











