ষ্টাফ ৰিপ’ৰ্টাৰ:
সোমাবাৰে নিশা মঙলদৈৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।
ৰৌতাৰ পৰা মঙলদৈ হৈ গুৱাহাটী অভিমুখে গৈ থকা AS 13 C 5091 নম্বৰৰ আল্টা বাছ খনে নিয়ন্ত্ৰণ হেৰোৱাই ৰাষ্ট্ৰীয় ঘাইপথ দাতিত থকা দ পানীত সোমাই পৰে।
দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে ওচৰ চুবুৰীয়া ৰাইজৰ সহযোগত আৰক্ষীয়ে বাছখনত থকা যাত্ৰী সকলক উদ্ধাৰ কৰে।
বাছ খনত মুঠ ৪০ গৰাকী মান যাত্ৰী আছিল ইতিমধ্যে সকলো যাত্ৰীকে চিকিৎসা প্ৰদান কৰা হৈছে













