ষ্টাফ ৰিপ’ৰ্টাৰ:
ঐতিহাসিক ছয় বছৰীয়া অসম আন্দোলনৰ পটভূমিত স্বাক্ষৰিত হোৱা অসম চুক্তিৰ ফচল ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ।অসম বাসীৰ তিনিটা দশকৰ অপেক্ষাৰ অন্তত ২০১৯ বৰ্ষ ৩১ ছেপ্টেম্বৰত উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত প্ৰকাশ পাইছিল জাতিৰ দলিল হিচাপে চিহ্নিত এনআৰচি চূড়ান্ত খচৰা।
অসম চুক্তি স্বাক্ষৰকাৰীৰ সদৌ অসম ছাত্ৰ সন্থাসহ বিভিন্ন দল সংগঠনৰ লগতে অসমবাসীয়ে আশা কৰিছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপিৰ চৰকাৰে ৮৫৫ জন শ্বহীদৰ ত্যাগক উচিত মূল্য প্ৰদান কৰি ক্ৰুটিমুক্তৰ এন আৰ চি প্ৰস্তুত কৰি জনতাৰ দীৰ্ঘদিনীয়া আশাক সন্মান প্ৰদান কৰিব।
কিন্তু চূড়ান্ত এন আৰ চিৰ খচৰা ক্ৰুটিমুক্ত কৰাত ব্যৰ্থ হ’ল ৰাজ্য চৰকাৰখন-গুৰুত্ব অভিযোগ সদৌ অসম ছাত্ৰ সন্থাৰ।এনআৰচিৰ চূড়ান্ত খচৰা প্ৰকাশ পোৱা ১ বছৰ সম্পূৰ্ন হোৱা দিনটোতে বিজেপিৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ ব্যক্ত কৰিছে আছুৱে।চৰকাৰৰ আন্তৰিকতাৰ নথকা বাবে অসমবাসীয়ে নাপালে শুদ্ধ এনআৰচিৰ।
খিলঞ্জীয়াৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ কোনো ধৰণৰ গুৰুত্বৰ নথকা কথাটো স্পষ্ট প্ৰমাণ হৈছে।কাৰ্যত এইখন এখন ভেকোভাওনা লৈ পৰিণত হৈছে- আছু সাধাৰণ সম্পাদক লোৰিনজ্যোতি গগৈয়ে কয় এইদৰে।
শুদ্ধ এনআৰচিৰ উন্নীতকৰণৰ বিষয়টো চৰকাৰে আন্তৰিকতাৰে গ্ৰহণ কৰিব লাগে বুলি দাবী জনায় গগৈয়ে কয়-“চৰকাৰে ক্ৰুটিপূৰ্ণ এন আৰ চি পুনৰীক্ষণ নকৰাৰ বাবেই ইয়াত জড়িত কৰ্মচাৰী সকলক অব্যাহতি দিয়া লগতে ডাটাএন্টি অপাৰেটৰ সকলক চাকৰিৰ পৰা খেদি পঠাইছে”।
বিদেশীমুক্ত এখন এনআৰচিৰ অসমৰ জনতাক দিবলৈ চৰকাৰ বদ্ধপৰিকৰ নহয়। এনআৰচিৰ বিষয়টোক কেৱল ৰাজনৈতিক অচিলা হিচাপে ব্যৱহাৰ কৰি অহা বুলি কয় লোৰিনে।
“সম্পূৰ্নভাৱে প্ৰকাশ নহল এনআৰচিৰ।ক্ৰুটি ৰৈ গ’ল চূড়ান্ত খচৰাত।ন্যায়ালয়ৰ নিৰ্দেশ সমূহ ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে যদি সময়মতে কৰিলে হয় তেন্তে সফল ভাৱে এনআৰচি খন প্ৰকাশ পালে হয়।বহু কথাত কেন্দ্ৰীয় চৰকাৰে বিধি-পথালি দিলে”-দীপাংক নাথৰ গুৰুত্ব অভিযোগ।শুদ্ধ এনআৰচিৰ প্ৰকাশ কৰাৰ সময় এতিয়াও থকা বুলি তেওঁ লগতে কয়।
এনআৰচি পুনৰীক্ষণৰ বাবে উচ্চতম ন্যায়ালয়ত চৰকাৰে আৱেদন জনাব লাগিছিল।কিন্তু সেয়া নকৰিলে।অসমৰ ৰাইজে কেতিয়াও ইয়াক ক্ষমা নকৰে।শুদ্ধ এনআৰচি প্ৰকাশ কৰাটো জাতিৰ বাবে অতি গুৰুত্বপূৰ্ণ আছিল।বহু বাংলাদেশী লোকৰ নাম অন্তৰ্ভুক্ত হৈছে- দীপাংকই লগতে কয়।













