নিউজ ডেক্স:
২০২১ৰ নিৰ্বাচনৰ দিন যিমানে চমু চাপি আহিছে সিমানে বৃদ্ধি পাইছে আছুৰ নতুন ৰাজনৈতিক দল গঠনৰ ৰণকৌশল।আছু-জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত গঠন হোৱা ১৬ জনীয়া পৰামৰ্শদাতাৰ কমিটি আজি দ্বিতীয়খন বৈঠকত মিলিত হৈছে।গুৱাহাটী পানবজাৰ হোটেল প্ৰাগ কন্ত্রিনেলত অনুষ্ঠিত হৈছে গুৰুত্বপূৰ্ণ বৈঠকখন।
কমিটিৰ প্ৰায় সংখ্যক সদস্যৰ উপস্থিত থকা বৈঠকত উপস্থিত আছে কমিটিৰ সমন্বয়ক আছুৰ সাধাৰণ সম্পাদক লোৰিনজ্যোতি গগৈ।
উল্লেখ বৈঠকত নতুন ৰাজনৈতিক দল গঠনৰ সন্দৰ্ভতো হৈছে গুৰুত্ব আলোচনা।বিজেপিৰ চৰকাৰক প্ৰতিহত কৰা বাবে ৰাজনৈতিক শক্তি কিদৰে উত্থান হ’ব লাগিব বিস্তৃত আলোচনা হৈছে বৈঠকত।
ইয়াৰ উপৰিও পৰামৰ্শদাতা কমিটিয়ে শৈক্ষিক, ৰাজনৈতিক, অৰ্থনৈতিক বিষয়ৰ ওপৰতো বৈঠকত আলোচনা কৰা বুলি আছু সম্পাদক লোৰিনজ্যোতি গগৈয়ে কয়।কমিটিৰ পৰামৰ্শৰ ভিত্তিত আগন্তক দিনত জাতীয় জীৱনৰ কৰ্মসূচীত আগবাঢ়িব বুলিও তেওঁ লগতে কয়।
গুৰুত্বপূৰ্ণ কথা এই যে কমিটিৰ পৰামৰ্শৰ ভিত্তিতে আছুৱে গঠন কৰিব নতুন ৰাজনৈতিক শক্তি।













