নিউজ ডেক্স:
ক’ৰোনা ভাইৰাচৰ বাবে ২০২১বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱৰ্তীন হ’ব লগা ৰাজ্য শিক্ষাথীলৈ সকাহ।অসম মাধ্যমিক শিক্ষা সংসদ ছেৱা কৰ্তৃপক্ষই গ্ৰহণ কৰিছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত।১০০ শতাংশ ছিলেবাছ পঢ়িব নালাগিব ছাত্ৰ-ছাত্ৰীয়ে।
ছেৱা অধ্যক্ষ আৰ চি জৈনে কয়- ৭০ শতাংশ ছিলেবাছ পঢ়িলে হ’ব ছাত্ৰ-ছাত্ৰীয়ে।অৰ্থাৎ ৩০ শতাংশ ছিলেবাছ কৰ্টন কৰা সিদ্ধান্ত গ্ৰহণ কৰিছে কৰ্তৃপক্ষই”।
মঙলবাৰে বিদ্যালয় সমূহলৈ পি.দি.এফ জৰিয়তে ছিলেবাছ প্ৰেৰণ কৰা হ’ব।বৰ্তমান ছেৱা ৱেবচাইটত উপলব্ধ হৈছে ছিলেবাছ বুলিও তেওঁ লগতে কয়।
নৱম শ্রেণীৰ ছাত্ৰ-ছাত্ৰীৰো ৩০ শতাংশ ছিলেবাছ কৰ্টন কৰিছে ছেৱাই।উল্লেখ বিগত মাৰ্চ মাহৰ পৰা ক’ৰোনা ভাইৰাছৰ বাবে বন্ধ হৈ আছে বিদ্যালয়।













