নিউজ ডেক্স:
কাৰাবন্দী কৃষক নেতা অখিল গগৈ আইনী যুঁজলৈ সাহায্য কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেছনৰ।৫০ হাজাৰ টকা আৰ্থিক সাহায্য আগবঢ়াইছে গগৈ আইনী যুঁজলৈ।উল্লেখ শিল্পী জুবিন গাৰ্গ উদ্যোগত গঠিত কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেচনে ইতিমধ্যে কৃষক নেতা গৰাকী আইনী পুঁজিলৈ আগবঢ়াইছে টকা।
বিগত ৯ মাহ ধৰি কাৰাবন্দী হৈ আছে কৃষক নেতা গৰাকী।কা’ আন্দোলন কৰাৰ বাবে যোৱা বৰ্ষ ডিচেম্বৰত গ্ৰেপ্তাৰ হৈছিল গগৈ।
গগৈৰ মুক্তিৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালত আৱেদন জনোৱাৰ কথা কৃষক মুক্তি সংগ্রাম সমিতিয়ে জনাইছিল। তাৰ বাবে অসমবাসী ওচৰত আইনী সাহায্য বিচাৰিছিল সংগঠনটোৱে।অসমবাসীয়ে সংগঠনটোয়ে আহ্বান লৈ সঁহাৰি জনায় দুটা সপ্তাহত প্ৰায় ২২ লাখ টকা আগবঢ়াইছে।













