ষ্টাফ ৰিপ’ৰ্টাৰ:
নগাঁও : নগাঁৱত দেহ ব্যৱসায়ৰ ঘাটিত আৰক্ষীৰ অভিযান।নগাঁও, মৰিগাঁও তথা হোজাই জিলাৰ বিভিন্ন যুৱতীক প্ৰলোভনেৰে দেহ ব্যৱসায়ত লিপ্ত কৰাইছিল এটা দুষ্ট চক্ৰই।নগাঁও চহৰৰ শইকীয়া মছজিদৰ সন্মুখত থকা এটা ভাড়াঘৰত দীৰ্ঘদিন চলি আছিল দেহ ব্যৱসায়ৰ দৰে অপৰাধজনিত কাৰ্যকলাপ।
সোমবাৰে নিশা আৰক্ষীয়ে অতৰ্কিতে অভিযান চলাই দেহ ব্যৱসায়ত লিপ্ত দুগৰাকী যুৱতীক আটক কৰাৰ পিছতে পোহৰলৈ আহিছে এই সমগ্ৰ কুকীৰ্তি। অৱশ্যে আৰক্ষীৰ চকুত ধুলি দি পলায়ন কৰিবলৈ সক্ষম হৈছে অসামাজিক কাৰ্যকলাপত জড়িত কেইবাজনো যুৱক।
নগাঁৱত শেহতীয়াভাৱে দেহ ব্যৱসায়ৰ ঘাটি উৎখাত হোৱাৰ পিছতে পোহৰলৈ আহিছে বহু বিস্ফোৰক তথ্য।জিলাখনৰ বিভিন্ন প্ৰান্তৰ অভাৱগ্ৰস্ত যুৱতীক ধনৰ প্ৰলোভনেৰে নিয়োজিত কৰাইছে দেহ ব্যৱসায়ত। নগাঁৱৰ বিভিন্ন অসামাজিক কাৰ্যকলাপত জড়িত খান উপাধিৰ এজন লোকে চহৰখনত অকলশৰীয়া ভাড়াঘৰসমূহত চলাই আছে এই দেহ ব্যৱসায়ৰ কাৰ্যকলাপ। ইতিমধ্যে নগাঁও আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।













