
মনোজ কুমাৰ পাঠক
লংকা : ৮০০ বছৰ পুৰণি হোজাইৰ ন-নাথ শিৱ মন্দিৰ৷ হোজাইৰ ৰাজবাৰী পঞ্চায়তত অৱস্থিত এই ন-নাথ শিৱ মন্দিৰ৷ একেলগে ৯টা মন্দিৰ থকাৰ বাবেই ইয়াক ন-নাথ শিৱ মন্দিৰ বুলি কোৱা হয়৷ এই ন-নাথ শিৱ মন্দিৰৰ সীমাতে আছে প্ৰায় ৮০০ বছৰ পুৰণি ৰজাদিনীয়া ৯টাকৈ শিৱ লিংগ৷
উল্লেখ্য যে, শিৱ লিংগবোৰক চৰকাৰে ঐতিহাসিক কীৰ্তি চিহ্ন বুলি চিহ্নিত কৰি থৈছে৷ মন কৰিব লগা যে ন-নাথ প্ৰত্নতাত্বিক স্থান হিচাপে ঘোষণা কৰিয়েই পূৰ্বৰ চৰকাৰে দায়িত্ব সামৰিছিল৷ আজিলৈকে এই মন্দিৰ তথা শিৱ লিংগবোৰ উপযুক্তভাবে সংৰক্ষণ কৰি সেই ঠাইখনক পৰ্যটনস্থলী হিচাপে গঢ়ি তুলিবলৈ কোনো সু-ব্যৱস্থা গ্ৰহণ কৰা নকৰিলে৷ সম্প্ৰতি হাবিয়ে আঁৱৰি ধৰাত পৰিত্যক্ত অৱস্থাত পৰি আছে এই ৰজাদিনীয়া কীৰ্তি চিহ্নবোৰ৷ চৰকাৰে অসম দৰ্শন আঁচনিৰ অধীনত ন-নাথ মন্দিৰৰ লগতে ৯টা শিৱ লিংগক সংৰক্ষণ কৰি ঠাইখনক এখন পৰ্যটনস্থলী হিচাপে গঢ় দিয়াৰ পদক্ষেপ গ্ৰহণ কৰিছিল যদিও আজিলৈকে আন কোনো বিশেষ ব্যৱস্থা গ্ৰহণ নকৰিলে৷
ফলত ন-নাথ শিৱ মন্দিৰৰ সমীপত এনেদৰে পৰিত্যক্ত অৱস্থাত পৰি আছে শিৱ লিংগ কেইটা৷ সচেতন মহলে ৰজাদিনীয়া ঐতিহাসিক কীৰ্তিচিহ্নবোৰ ৰক্ষনাবেক্ষনৰ বাবে চৰকাৰক বিহীত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে৷











