
অজন্তা তালুকদাৰ
বোকাখাত : বোকাখাতত যোৱা ৩১ আগষ্টত প্ৰাক্তন বিধায়ক, মন্ত্ৰী, শিক্ষক, শ্ৰমিক নেতা, বহু অনুষ্ঠান প্ৰতিষ্ঠানৰ জন্মদাতা, বিশিষ্ট সমাজকৰ্মী ছত্ৰগোপাল কৰ্মকাৰৰ ৪১ সংখ্যক মৃত্যু দিৱসৰ স্মৃতিচাৰণ আৰু স্মৃতিগ্ৰন্থ উন্মোচনী অনুষ্ঠান অনুষ্ঠিত হৈ যায়।
ছত্ৰগোপাল কৰ্মকাৰ এগৰাকী শ্ৰমিক নেতা হিচাপে পৰিচিত আছিল। শৈশৱৰ আৰ্থিক অনাটনে তেখেতৰ শিক্ষা লাভ কৰাত হেঙাৰ হৈ পৰিছিল যদিও অদম্য ইচ্ছা শক্তিৰ দ্বাৰা উচ্চ শিক্ষা পৰ্যন্ত সকলো বাধা সাহসেৰে অতিক্ৰম কৰিছিল। গাওঁ পঞ্চায়তৰ সম্পাদকৰ পদৰ জড়িয়তে ৰাজনীতিৰ পথাৰত ভৰি দিয়া কৰ্মকাৰে সৰুপথাৰ সমষ্টিৰ পৰা দুবাৰকৈ আৰু বোকাখাত সমষ্টিৰ পৰা এবাৰকৈ বিধায়ক হোৱাৰ ওপৰিও শ্ৰম বিভাগৰ মন্ত্ৰীত্বৰ দায়িত্বও পালন কৰিছিল। শ্ৰমিক সংগঠনৰ লগত জড়িত হৈ তেখেতে ভাৰতক প্ৰতিনিধিত্ব কৰি ৰাছিয়া, পোলেণ্ড, জেনেভা, জাৰ্মানী আদি দেশলৈ গৈছিল। তেখেত বোকাখাত পুৱতি সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সদস্য আৰু অনুষ্ঠানটোৰ প্ৰাক্তন সম্পাদক, ৰজাবাৰী হাইস্কুলৰ প্ৰতিষ্ঠাৰ আঁৰৰ অন্যতম ব্যক্তি তথা শিক্ষক, অসম চাহ মজদুৰ সংঘৰ প্ৰাক্তন কেন্দ্ৰীয় সাধাৰণ সম্পাদক, অসম চাহ মজদুৰ সংঘৰ বোকাখাত শাখাৰ প্ৰতিষ্ঠাপক, চাহ জনগোষ্ঠীৰ প্ৰথম বোলছবি ‘ৰতনলাল’ৰ প্ৰযোজক হোৱাৰ ওপৰিও এগৰাকী সুদক্ষ অভিনেতা, লেখক আছিল।
বোকাখাত পুৱতি সাহিত্য সভাৰ উদ্যোগত আৰু বোকাখাত চাহ মজদুৰ সংঘৰ সহযোগত আয়োজিত অনুষ্ঠানত পুৱা কৰ্মকাৰৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে পুৱতি সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, সমাজকৰ্মী মনোৰঞ্জন সেনে। বোকাখাত পুৱতি সাহিত্য সভাৰ সভাপতি, সাহিত্যিক পেঞ্চনাৰ অপূৰ্ব বৰদলৈৰ সঞ্চালনাত অনুষ্ঠিত স্মৃতি চাৰণ সভাত ছত্ৰগোপাল কৰ্মকাৰৰ জীৱন আৰু কৰ্মৰাজিৰ ওপৰত বক্তৃতা প্ৰদান কৰে মনোৰঞ্জন সেন, অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ কেন্দ্ৰীয় উপ-সভাপতি ধনীৰাম কুৰ্মি, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ কাৰ্যকৰী সভানেত্ৰী সুৱৰ্ণ শইকীয়া বৰদলৈ, বিশিষ্ট সাহিত্যিক, পুৱতি সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কল্পনা চেতিয়া, বিশিষ্ট কবি, পুৱতি সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নিজৰা বৰঠাকুৰ, পুৱতি সাহিত্য সভাৰ উপ-সভাপতি, সমাজকৰ্মী মিনতি দলে, বোকাখাত সন্ধানী লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকা চন্দ্ৰপ্ৰভা শইকীয়া ডেকা, চাহ জনজাতি ছাত্ৰ সন্থাৰ ৰাজেশ নায়ক আদিয়ে ।
উক্ত সভাতে প্ৰয়াত ছত্ৰগোপাল কৰ্মকাৰৰ স্মৃতিত বোকাখাত পুৱতি সাহিত্য সভাৰ সম্পাদক গীতাঞ্জলি কলিতাৰ সম্পাদনাথ ‘শ্ৰমিকবন্ধু’ শীৰ্ষক স্মৃতিগ্ৰন্থখন উন্মোচন কৰি উন্মোচনী ভাষণ প্ৰদান কৰে বোকাখাত প্ৰেছ ক্লাৱৰ সভাপতি তথা জ্যেষ্ঠ সাংবাদিক ভৱানন্দ কলিতাই।
উল্লেখ্য যে ‘শ্ৰমিকবন্ধু’ স্মৃতিগ্ৰন্থৰ প্ৰকাশত পূৰ্ণ সহযোগিতা আগবঢ়াইছিল প্ৰয়াত ছত্ৰগোপাল কৰ্মকাৰৰ কন্যা গুৱাহাটীত কৰ্মৰত ড° অঞ্জলি কৰ্মকাৰ ঘাটোৱাৰে। সভাতে প্ৰয়াত কৰ্মকাৰৰ এটি প্ৰতিমূৰ্তি স্থাপনৰ লগতে তেখেতৰ অপ্ৰকাশিত গ্ৰন্থসমূহ প্ৰকাশ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
পুৱতি সাহিত্য সভাৰ সহ সম্পাদিকা নমিতা বৰাই আঁত ধৰা অনুষ্ঠানত আৰু উপস্থিত থাকে বোকাখাত পুৱতি সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য মৃদুস্মিতা শৰ্মা, অৱসৰপ্ৰাপ্ত সমাজ কল্যাণ বিষয়া বুলন কৰ্মকাৰ, বোকাখাত মহকুমা কবি সন্মিলনৰ সভাপতি তথা সাংবাদিক-নাট্যকাৰ অমৰ শৰ্মা, সাংবাদিকদ্বয় ক্ৰমে দিব্যজ্যোতি হাজৰিকা আৰু প্ৰদীপ হাজৰিকা, ছত্ৰগোপাল কৰ্মকাৰৰ দুই পুত্ৰবধু ক্ৰমে ৰীণা হাজৰিকা কৰ্মকাৰ আৰু পিংকু পানিকা কৰ্মকাৰ আদি। বোকাখাত চাহ মজদুৰ সংঘৰ সম্পাদক তথা ছত্ৰগোপাল কৰ্মকাৰৰ জ্যেষ্ঠ পুত্ৰ তপন কৰ্মকাৰে পৰিয়ালৰ হৈ বক্তব্য ৰখাৰ লগতে সকলোৰে ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰে।













