নিউজ ডেক্স:
কোকৰাঝাৰত নৃশংস হত্যাকাণ্ড।নিশা পত্নীক ডিঙি কাটি হত্যা।গোসাঁইগাঁও মহকুমাৰ সাপকাটা আৰক্ষী চকীৰ অন্তৰ্গত বুঢ়ী চাটাম গাঁৱত বুধবাৰে নিশা প্ৰায় ১০ বজাত সংঘটিত হয় এই নৃশংস হত্যাকাণ্ড।
গাঁওখনৰ বাসিন্দা নুৰ আলম শ্বেখে খুকুৰীৰে ডিঙি কাটি হত্যা কৰে পত্নীক। পত্নীক হত্যা কৰি একেখন খুকুৰীৰে নিজৰ ডিঙি কাটি আত্মহত্যাৰ অপচেষ্টা চলায় স্বামী নুৰ আলম শ্বেখে।
উক্ত হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ গোসাঁইগাঁও মহকুমা। পত্নী ছহিনুৰ খাতুনক ঘৰৰ ভিতৰত নৃশংসভাৱে হত্যা কৰি স্বামী নুৰ আলমে ডিঙি ৰেপি আত্মহত্যাৰ চেষ্টা চলায়। মুৰ্মূষু অৱস্থাত ৰাইজে উদ্বাৰ কৰে নুৰ আলমক।
উক্ত ঘটনা সংঘটিত হয় নুৰ আলমৰ শহুৰেকৰ ঘৰত। ঘটনা সংঘটিত হোৱাৰ পিছতে শহুৰেকৰ ঘৰৰ পৰিয়ালৰ সকলো লোকে পলায়ন কৰে। পাৰিবাৰিক কন্দলৰ বাবেই হত্যা কাণ্ড সংঘটিত হোৱাৰ সন্দেহ ৰাইজৰ।













