নিউজ ডেক্স:
ৰাজ্যত শিশু নিৰ্যাতনৰ ঘটনা সংঘটিত হৈ আছে৷ শিশুক নিৰ্যাতন কৰা লোকৰ বিৰুদ্ধে আইনৰ কঠোৰ ব্যৱস্থা আছে যদিও ই নিয়ন্ত্ৰণলৈ অহা নাই৷ আনহাতে একাংশ শিক্ষিত লোকে শিশু নিৰ্যাতন কৰাৰ কথা পোহৰলৈ আহি আছে৷
তেনে এক শিক্ষিত পৰিয়ালৰ হাতত ডিব্ৰুগড়ত শিশু নিৰ্যাতন কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ উল্লেখ্য যে ডিব্ৰুগড় আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে শিশু নিৰ্যাতনকাৰী চিকিত্সক ডাঃ সিদ্ধি প্ৰসাদ দেউৰীক। আনহাতে এতিয়াও পলাতক অৱস্থাত আছে সিদ্ধিপ্ৰসাদ দেউৰীৰ পত্নী তথা মৰাণ কলেজৰ অধ্যক্ষা মিতালী কোঁৱৰ।
দুয়োৰে বিৰুদ্ধে যোৱা ৩১ আগষ্টত গোচৰ ৰুজু কৰা হৈছিল৷ যোৱা বৃহস্পতিবাৰে লাহোৱালৰ পৰা সিদ্ধি প্ৰসাদ দেউৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ উল্লেখ্য যে উচ্চ শিক্ষিত এই দম্পতিৱে শুই থকা অৱস্থাত ঘৰৰ ১২ বছৰীয়া বনকৰা শিশুৰ দেহত ঢালি দিলে উতলা পানী। এই ঘটনাই সমগ্ৰ ৰাজ্যতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।
শিশুটিক অত্যাচাৰ কৰা ভিডিঅ’ ছচিয়েল মিডিয়াতো ভাইৰেল হৈ পৰিছিল। পিছত শিশু কল্যাণ সমিতিয়ে উচ্চ শিক্ষিত দম্পতিৰ বিৰুদ্ধে ডিব্ৰুগড় আৰক্ষী চকীত এজাহাৰ দাখিল কৰে। কিন্তু এজাহাৰ দাখিল কৰাৰ ২৪ ঘণ্টাৰ পিছতো আৰক্ষীয়ে চিকিত্সক আৰু অধ্যক্ষাৰ বিৰুদ্ধে কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ উঠিছিল।
অৱশেষত বৃহস্পতিবাৰে আৰক্ষীয়ে সিদ্ধি প্ৰসাদ দেউৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ইপিনে, গ্ৰেপ্তাৰ হোৱাৰ ভয়ত এতিয়াও পলাতক অৱস্থাত আছে অধ্যক্ষা মিতালী কোঁৱৰ৷













