নিউজ ডেক্স:
নাগৰিকত্ব সংশোধনী আইন- ২০১৯ চমুকৈ কা’ বাতিলৰ বাবে পুনৰ আন্দোলনত অংশগ্ৰহণ কৰিব বুলি ঘোষণা নৱপ্ৰজন্মৰ হাৰ্টথ শিল্পী জুবিন গাৰ্গৰ।চৰকাৰী বেণ্ড এম্বেচাদৰ কেতিয়াও নহও ৰাইজে সন্দেহ কৰিব নালাগে- জুবিনে কয়।
চৰকাৰৰ ফালৰ পৰা মোলৈ ব্ৰেণ্ড এম্বেছাদৰ প্ৰস্তাৱ অহা নাই।সেইয়া কৃষি বিভাগৰ পৰা অহা বুলি কয় শিল্পী গৰাকীয়ে।
বিভাগৰ বহু ভিতৰুৱা আঁচনিৰ কথা আমাৰ লৰা ছোৱালীয়ে গম নাপায়।সেইসমূহ প্ৰচাৰ হোৱা নাই।খবৰ পালেহে সুবিধা লব পাৰিব আমাৰ নৱ-প্ৰজন্মই।তেওঁলোকে সুবিধা লোৱাটো মই বিচাৰোঁ- শিল্পী গৰাকীয়ে কয়।
আনহাতে একাংশ সাংস্কৃতিক জগতৰ কৰ্মীৰ কা’ গইনা লৈ ৰাজনৈতিক দলত যোগদান কৰা প্ৰসংগ আঁত ধৰি শিল্পী জুবিনে কয় তেওঁলোক ৰাজনৈতিক দলত যোৱাটো সম্পূণ ব্যক্তিগত কথা।তাত মোৰ কব লগা একো নাই। মই নিঃস্বাৰ্থ ভাৱে কাম কৰো।মোৰ দায়িত্ব অসমীয়া জাতিৰ প্ৰতি মই কৰিছোঁ, সেইয়া সদায় কৰি যাম- জুবিনে কয়।
ভাল কামৰ বাবে কৰা বিপ্লৱ সদায় থাকিব।সেই বিপ্লৱ কেতিয়াও বন্ধ কৰিব নোৱাৰে।কা’ প্ৰসংগ আহিলে আকৌ আন্দোলন কৰিম।বৰ্তমান ৰাস্তাত ওলাব পৰা নাই।ভাল কথাত মাত মতাটো আমাৰ অধিকাৰ আছে বুলিও তাপৰ্যপূৰ্ণ মন্তৱ্য কৰে শিল্পী জুবিনে।
“মই কৃষি এক আন্দোলন কৰিব বিচাৰিছো।আন্দোলন সফল কৰিব হলে বিভাগৰ সহায় প্ৰয়োজন হ’ব।নৱেম্বৰ পৰা অসমৰ গাঁৱে-গাঁৱে গৈ কৃষিৰ প্ৰতি নৱপ্ৰজন্মক আগ্ৰহী কৰা বাবে।আমাৰ যাতে কৃষি ভূমি এনেই পৰি নাথাকে- জুবিনে কয়।
ফুটবল দল নতুনকৈ গঠন কৰা সন্দৰ্ভত জুবিনে কয় “যিসকল ৰাজনৈতিক দলত যোগদান কৰিছে তেওঁলোকক এতিয়া পৰা খেলিব নিদিওঁ।বৰ্তমান চাৰি-পাঁচ জন ওলাই যাব দলৰ পৰা।
গুৰুত্বপূৰ্ণ কথা এই যে শিল্পী গৰাকী ব্ৰেণ্ড এম্বেচাদৰ বিষয়টোক লৈ সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছিল।তাৰ পাছতে শিল্পী জুবিন সংবাদ মাধ্যমৰ পৰা আঁতৰি আছিল।













