গুৱাহাটী : বিজেপি নেতৃত্বাধীন অসমৰ মিত্ৰজোঁটৰ চৰকাৰখনে ঐতিহ্য সংৰক্ষণ আৰু সতী সাধনী বিশ্ববিদ্যালয় বিধেয়ক বিধানসভাত গৃহীত কৰি অসমীয়া জাতিক সুৰক্ষিত কৰাৰ আন এটি বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিলে।
দায়িত্বভাৰ গ্ৰহণ কৰিয়েই জাটি-মাটি-ভেটি ৰক্ষাৰ সংকল্প গ্ৰহণ কৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে ইতিমধ্যে সত্ৰ-দেৱালয়ৰ ভূমি বেদখলমুক্ত কৰা¸ সত্ৰ-নামঘৰসমূহৰ উন্নয়নৰ বাবে আৰ্থিক অনুদান আগবঢ়োৱা¸ বিভিন্ন সাহিত্য সভাসমূহলৈ আৰ্থিক অনুদান অগবঢ়োৱা¸ ভূমিহীন খিলঞ্জীয়া লোকক মাটিৰ পট্টা প্ৰদান¸ শিক্ষানুষ্ঠানত অসমীয়া ভাষা বাধ্যতামূলক কৰাকে ধৰি বিভিন্ন বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছে।
ইয়াৰ পাছত কালি বিধানসভাত গৃহীত ৰাজ্যখনৰ ঐতিহ্যপূৰ্ণ স্থান¸ উপাসনাস্থলী¸ সামাজিক-সাংস্কৃতিক অনুষ্ঠান আদি সুৰক্ষা¸ সংৰক্ষণ আৰু তদাৰকী নিশ্চিত কৰাৰ উদ্দেশ্যে দ্য আছাম হেৰিটেজ (টেঞ্জিব্ল) প্ৰটেকচন¸ প্ৰিজাৰভেছন এণ্ড মেইন্টেনেন্স বিধেয়ক¸ ২০২০ আৰু সতী সাধনীৰ নামত এখন ৰাজ্যিক বিশ্ববিদ্যালয় স্থাপনৰ বাবে বীৰাংগণা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয় বিধেয়ক¸ ২০২০ শীৰ্ষক বিধেয়ক দুখনে অসমীয়া জাতিৰ কৃষ্টি-সংস্কৃতি-ঐতিহ্য সুৰক্ষাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব।
ইয়াৰ বাবে মুখ্যমন্ত্ৰী ৰাজ্য চৰকাৰক ধন্যবাদ জ্ঞাপন কৰি ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ফণী পাঠকে আজি এটি বিবৃতিযোগে কয় যে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখন অসমীয়া ৰাইজক সকলো ফালৰপৰা সুৰক্ষিত কৰিবলৈ সংকল্পবদ্ধ।
ঐতিহ্য সংৰক্ষণ আৰু সতী সাধনী বিধেয়ক গৃহীত হোৱাটো ৰাজ্যখনৰ বাবেই এক ঐতিহাসিক পদক্ষেপ। অসম চুক্তিৰ ৬ নং দফাৰ মূল লক্ষ্য আৰু উদ্দেশ্য সফল কৰাৰ বাবেই ঐতিহ্য সংৰক্ষণ বিধেয়কখন প্ৰস্তুত কৰা হৈছে। অসমৰ জাতীয় সংস্কৃতিৰ সংৰক্ষণ আৰু জাতিৰ স্বাভিমান ৰক্ষাত দুয়োখন বিধেয়কে গুৰুত্বপূৰ্ণ ভূমিকা ল’ব।
মাটি-ভেটি¸ কৃষ্টি-সংস্কৃতি¸ ভাষা-সাহিত্য¸ ঐতিহ্য সুৰক্ষিত কৰি জাতীয় অস্তিত্ব ৰক্ষাৰ সংকল্প লৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত চৰকাৰখনে নিৰৱচ্ছিন্নভাৱে কাম কৰি যোৱা বুলি দোহাৰি বিজেপিৰ মুখপাত্ৰগৰাকীয়ে কয় যে চৰকাৰখনে জাতি-ধৰ্ম-বৰ্ণ নিৰ্বশেষে সকলোৰে প্ৰতি সমভাবাপন্ন হৈ বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে।
ঐতিহ্য সংৰক্ষণ বিধেয়কখনো ইয়াৰ উৎকৃষ্ট উদাহৰণ। এই বিধেয়কৰ জৰিয়তে ৭৫ বছৰ বা তাতোধিক পুৰণি মঠ-মন্দিৰৰ¸ সত্ৰ-নামঘৰৰ লগতে মছজিদ¸ গীৰ্জা¸ দৰগাহ¸ বৌদ্ধ স্তূপ¸ সামাজিক¸ সাংস্কৃতিক তথা স্থাপত্যৰ দিশৰপৰা গুৰুত্বপূৰ্ণ অনুষ্ঠান-প্ৰতিষ্ঠান আদি সংৰক্ষণ আৰু চোৱা-চিতাৰ ব্যৱস্থা কৰা হ’ব। ৰাজ্যখনৰ ৭৫ বছৰ পুৰণি কীৰ্তিচিহ্নসমূহ সংৰক্ষণৰ ব্যৱস্থা কৰাটো অসম চুক্তিৰ ৬ নং দফাৰ অন্যতম চৰ্ত। এই চৰ্ত বিধেয়কখনৰ জৰিয়তে সফলভাৱে ৰূপায়ণ কৰিব পৰা যাব।
অসমত ইতিমধ্যে প্ৰচলিত হৈ থকা ‘প্ৰাচীন কীৰ্তিচিহ্ন আৰু তথ্য অধিনিয়ম¸ ১৯৫৯ৰ আওতাৰ বাহিৰত থকা স্পৰ্শনীয় প্ৰাচীন পৰম্পৰাগত ঐতিহ্যসমূহকো এই বিধেয়কে সামৰি ল’ব। বিধেয়কখনৰ জৰিয়তে অসমৰ বিভিন্ন স্থানত সিঁচৰতি হৈ থকা স্পৰ্শনীয় ঐতিহ্যসমূহৰ বিকাশ সাধন¸ সংৰক্ষণ আৰু বেদখলমুক্তকৰণৰ কাম ক্ষীপ্ৰতৰ হ’ব।
ঐতিহ্যমণ্ডিত ভৱন¸ স্মৃতিসৌধ¸ ভাস্কৰ্য¸ চিত্ৰ¸ হস্তশিল্প¸ মুদ্ৰা¸ মানচিত্ৰ¸ পাণ্ডুলিপি¸ কথাছৱি¸ ছায়াচিত্ৰ¸ পুৰণি নথিি-পত্ৰ¸ বিভিন্ন জাতি-জনগোষ্ঠীৰ সাহিত্য¸ ধৰ্মীয় উপাদানসমূহ¸ বস্ত্ৰশিল্প¸ পৰম্পৰাগত সা-সজুলি আদি সুৰক্ষা আৰু সংৰক্ষণ কৰিব পৰা যাব। বিগত ৩৫ বছৰে অসম চুক্তিৰ ৬ নং দফাৰ চৰ্ত অনুসৰি কাৰ্যকৰী হৈ নুঠা এই গুৰুত্বপূৰ্ণ বিষয়ত লোৱা বলিষ্ঠ পদক্ষেপৰ বাবে মুখপাত্ৰ ফণী পাঠকে ৰাজ্যিক বিজেপিৰ হৈ ৰাজ্য চৰকাৰক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।
তেওঁ লগতে কয় যে বীৰাংগণা সতী সাধনীক যথোচিত মৰ্যাদা আৰু বীৰাংগণাগৰাকীৰ স্মৃতি যুগমীয়া কৰাৰ দাবী চুতীয়া জনগোষ্ঠীৰ লোকসকলে দীৰ্ঘদিনৰেপৰা উত্থাপন কৰি আহিছে। এই দাবীৰ প্ৰতি সন্মান জনাই বৰ্তমানৰ চৰকাৰখনে জনগোষ্ঠীটোৰ বিভিন্ন সংগঠনৰে হোৱা আলোচনাত সতী সাধনীৰ নামত এখন ৰাজ্যিক বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ সিদ্ধান্ত লয়। কালি সেই সিদ্ধান্ত অনুসৰিয়েই চৰকাৰে বিধানসভাত বীৰাংগণা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয় বিধেয়ক¸ ২০২০ উত্থাপন কৰি গৃহীত কৰোৱায়। ইয়াৰ বাবেও পাঠকে দলৰ হৈ ৰাজ্য চৰকাৰক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।
আনহাতে¸ আজি বিধানসভাত মৰাণ¸ মটক আৰু কমতাপুৰ স্বায়ত্বশাসিত পৰিষদ গঠনৰ বাবে আন এখন বিধেয়ক গৃহীত হোৱাতো সন্তোষ প্ৰকাশ কৰিছে ৰাজ্যিক বিজেপিয়ে। ইয়াৰ বাবেও ৰাজ্য চৰকাৰক ধন্যবাদ জ্ঞাপন কৰি মুখপাত্ৰ ফণী পাঠকে কয় যে বিধেয়কখন গৃহীত হোৱাৰ লগে লগে তিনিওখন স্বায়ত্বশাসিত পৰিষদ গঠনৰ পথ প্ৰশস্ত হ’ল। কোচ-ৰাজবংশী¸ মৰাণ আৰু মটক জনগোষ্ঠীৰ লোকসকলৰ সুৰক্ষা আৰু বিকাশৰ ক্ষেত্ৰত স্বায়ত্বশাসিত পৰিষদ কেইখনে গুৰুত্বপূৰ্ণ ভূমিকা ল’ব।













