ষ্টাফ ৰিপ’ৰ্টাৰ:
নগাঁও : সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ জলপানি ধনৰ কেলেংকাৰীত জড়িত সকলক শাস্তিৰ দাবীত আজি নগাঁৱত কংগ্ৰেছৰ সংখ্যালঘু বিভাগে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। বিভিন্ন বেনাৰ-প্লেকাৰ্ড লৈ ‘বিজেপি চৰকাৰ হায়, হায়’, ‘মন্ত্ৰী ৰঞ্জিত দত্ত আৰু সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ মমিনুল আৱাল মুৰ্দাবাদ’ আদি শ্ল’গান দি কংগ্ৰেছ কৰ্মী সকলে পৰিবেশ উত্তাল কৰি তোলে ।
আনহাতে প্ৰতিবাদকাৰী সকলে সংখ্যালঘু ছাত্র-ছাত্ৰীৰ জলপানিৰ কেলংকাৰীত বিজেপিৰ একাংশ নেতা জড়িত থকাৰ অভিযোগ কৰি সমগ্ৰ কেলেংকাৰীৰ চি বি আই তদন্তৰ দাবী জনায়।অন্যথা ব্লক, পঞ্চায়ত পৰ্যায়তো এই আন্দোলনৰ কাৰ্যসূচী অব্যাহত থাকিব বুলি প্ৰতিবাদকাৰী সকলে জানিবলৈ দিয়ে । ইপিনে প্ৰতিবাদী কংগ্ৰেছৰ সংখ্যালঘু বিভাগৰ নেতাসকলে ৰাজ্যৰ সংস্কৃত টোল আৰু মাদ্ৰাছা সমূহ বন্ধ কৰাৰ ক্ষেত্ৰত শিক্ষা মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰিব বিচৰা পদক্ষেপৰ বিৰুদ্ধে ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব বুলি সকীয়নি দিয়ে।
প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰাৰ পিছত কংগ্ৰেছৰ সংখ্যালঘু বিভাগৰ ৰাজ্যিক সভাপতি ছালমান খানে সংবাদ মাধ্যমৰ আগত কয় যে সংখ্যালঘু ছাত্ৰৰ জলপানীৰ ধনৰ ক্ষেত্ৰত ৫০০ কোটি টকাৰ কেলেংকাৰীত একাংশ বিজেপি নেতা জৰিত থকাৰ বাবে এই চৰকাৰখনে সঠিক তদন্ত কৰা নাই। এই কেলেংকাৰীত সংখ্যালঘু বৰ্ডৰ অধ্যক্ষ মমিনুল আৱাল জৰিত থকাৰো গুৰুতৰ অভিযোগ তোলে।
আনহাতে শৃন্য সহনশীলতাৰ কথা কোৱা সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন চৰকাৰখনে এই কেলেংকাৰীৰ তদন্তৰ দায়িত্ব চি বি আইক দিবলৈ তেওঁ দাবী জনায়। প্ৰতিবাদী কাৰ্যসূচীত কংগ্ৰেছৰ সংখ্যালঘু বিভাগৰ ৰাজ্যিক উপ সভাপতি দ্বয় আব্দুল জব্বাৰ আৰু দায়ান হুছেইন, মৰিগাঁও জিলাৰ সভাপতি আছিফ মহম্মদ নজৰ, সংগঠনটোৰ ৰাজ্যিক সাধাৰণ সম্পাদকদ্বয় ছিয়াউল ইছলাম, নেকিবুৰ ৰহমান, সম্পাদক মোস্কান কিডৱাই, স্বৱনম ভুঞা, যুৱ কংগ্ৰেছৰ ৰাজ্যিক সাধাৰণ সম্পাদক মৃণাল হাজৰিকা প্ৰমুখ্যে ভালে কেইগৰাকী নেতাই অংশগ্ৰহণ কৰে।
ইপিনে কংগ্ৰেছৰ সংখ্যালঘু বিভাগৰ ৰাজ্যিক সভাপতি ছলমান খানৰ নেতৃত্বত কংগ্ৰেছ কৰ্মীৰ এটা দলে কোভিড-১৯ ত আক্ৰান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাত থকা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আশু আৰোগ্য কামনাৰে আজি বিয়লি নগাঁও কৱৰস্থান মছজিদত দোৱা প্ৰাৰ্থনা সভা অনুষ্ঠিত কৰাৰ লগতে শতাধিক দৰিদ্ৰ লোকক লঘু খাদ্য যোগান ধৰে।













