নিউজ ডেস্ক :
প্রয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যু তদন্তত ওলাই আছে বলিউডৰ বহু অজান কাহিনী। সুশান্তৰ প্ৰেয়সী তথা অভিনেত্রী ৰিয়া চক্রবর্তী মাদকদ্রব্য সৰবৰাহত জড়িত থকাৰ কথিত অভিযোগে বিপাঙত পেলাইছে চোৰাংচোৱা সংস্থা চিবিআইক। জানিব পৰা মতে, নিচাসক্ত আছিল সুশান্ত। তেওঁক মাদক দ্ৰব্য সৰবৰাহ কৰাত সহায় কৰিছিল ৰিয়াই।
সুশান্ত গোচৰ তদন্তৰ লগত জড়িত এজন বিষয়াই এক সাক্ষাৎকাৰত জনাইছে, বলিউডৰ ৭০ শতাংশৰো অধিক অভিনেতা-অভিনেত্রীয়ে মাদক দ্রব্য সেৱন কৰে। ইয়াৰ উপৰি বহু নির্মাতা-কলাকুশলীও নিচাৰ প্ৰতি আসক্ত।
তেওঁ লগতে জনায়, তাৰকাসকলৰ ভিতৰত ‘এমডি’ সকলোতকৈ বেছি প্রচলিত এবিধ ড্রাগ, যি ‘গাঞ্জা’ নামে পৰিচিত। লগতে আৰু জনায়, তেওঁলোকে দামী যি গাঞ্জা সেৱন কৰে, তাৰ প্রতিগ্রাম বিক্ৰী হয় পাঁচ হাজাৰ টকাত। সাধাৰণতে বান্দ্রা জুহু অঞ্চলৰ মাদক দ্ৰব্য ব্যৱসায়ীসকলে এইবোৰ বলিউডত সৰবৰাহ কৰে। এই ক্ষেত্রত মহিলা তাৰকাসকলতকৈ অৱশ্যে পুৰুষসকল আগত।