
ষ্টাফ ৰিপ’ৰ্টাৰ
নগাঁও : নগাঁও জিলাত নিতৌ উদ্বেগজনক হাৰত বৃদ্ধি পাব ধৰিছে ক’ভিড-১৯ত আক্ৰান্তৰ সংখ্যা। ইপিনে জিলাখনৰ চাৰি শতাধিক শিক্ষকৰ দেহতো ইতিমধ্যে ক’ভিড-১৯ পজিটিভ ধৰা পৰে। জিলাখনৰ একাংশ শিক্ষকে ক’ভিড পৰীক্ষা সম্পন্ন কৰে যদিও আৰ টি পি চি আৰ কীট যোগানৰ অভাৱত জিলাখনৰ অধিকাংশ শিক্ষকেই এতিয়ালৈকে পৰীক্ষা কৰিবলৈ সক্ষম হ’ব পৰা নাই।
আনহাতে, ২৪ আগষ্টৰ পৰা ২৭ আগষ্টলৈকে পৰীক্ষা কৰা ফলাফলৰ প্ৰতিবেদন অনুসৰি ক্ৰমে ৭৫ জন, ৩০ জন, ২২ জন, পহিলা ছেপ্টেম্বৰত ৯ জন আৰু কালি সৰ্বাধিক ২৫০ জনৰ লগতে আজি অহা শেহতীয়া তালিকাত ২০ জনৰ শৰীৰত ক’ভিড-১৯ৰ অৱস্থিতি ধৰা পৰা ঘটনাই নগাঁও জিলাত কৰোনা ভাইৰাছে যে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে সেয়া প্ৰমাণ হৈ পৰিছে। জিলাখনৰ কলিয়াবৰ, জখলাবন্ধা, বৰজুৰি, শালনা, চামগুৰি, লাওখোৱা, পুৰণিগুদাম, ৰূপহী, জুৰীয়া, ধিং, চাপৰমুখ, বঢ়মপুৰ, ৰহা, কামপুৰ, হয়বৰগাঁও, বেবেজীয়াকে ধৰি সমগ্ৰ স্থানৰ শিক্ষানুষ্ঠানৰ শিক্ষক কৰ্মচাৰীৰ দেহত কৰোনা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে।
ইপিনে, শিক্ষক সমাজৰ বাহিৰেও সাধাৰণ লোকৰ মাজত কৰোনা পৰীক্ষা কৰিলে সহস্ৰাধিক লোকৰ শৰীৰত কৰোনা পজিটিভ পোৱা যাব যে সেয়া খাটাং।
শেহতীয়াভাৱে স্বাস্থ্য বিভাগে আৰ টি পি ছি আৰ কীট পৰ্যাপ্ত পৰিমাণে যোগান ধৰিব নোৱাৰাৰ ফলত স্বাস্থ্য বিভাগে নিৰ্দিষ্ট কৰি দিয়া স্থানত আজিও জিলাখনৰ অধিকাংশ শিক্ষকেই কৰোনা পৰীক্ষা কৰিবলৈ সক্ষম হোৱা নাই। শিক্ষা বিভাগে অহা ২১ ছেপ্টেম্বৰৰ ভিতৰত শিক্ষক কৰ্মচাৰীসকলে আৰ টি পি ছি আৰ পৰীক্ষা কৰি নিগেটিভ চাৰ্টিফিকেট লৈ শিক্ষানুষ্ঠানত যোগদান কৰিবলৈ যি নিৰ্দেশ জাৰি কৰিছে যদিও সেয়া কাৰ্যত হ’বনে বুলি এতিয়া প্ৰশ্ন উঠিছে। স্বাস্থ্য বিভাগে আৰ টি পি ছি আৰ কীট যোগান ধৰিব নোৱাৰাৰ বাবেই এতিয়া শিক্ষক কৰ্মচাৰীসকলে পৰীক্ষা কৰিব পৰা নাই।












