বোকাখাত : এক আবেগিক মুহূৰ্তৰ সাক্ষী হৈ ৰ’ল বোকাখাত। পিপিই কিট পিন্ধি নিজ শিক্ষয়িত্ৰী পত্নীক জানাজাত শেষ বিদায় জনালে শিক্ষক স্বামীয়ে। শিক্ষকজন হৈছে বোকাখাত নগৰৰ মাজ মজিয়াত থকা বোকাখাত মধ্য ইংৰাজী কেন্দ্ৰীয় বালিকা বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰফুৰ ৰহমান ।
তেখেতৰ পুত্ৰ কোভিড ১৯ ত আক্ৰান্ত হোৱাত পিতৃ আৰু মাতৃয়েও কোভিড ১৯ ৰ পৰীক্ষা কৰায় ৷ যোৱা ৩১ আগষ্টত পিতৃ তথা প্ৰধান শিক্ষক আৰফুৰ ৰহমানৰ কভিড ১৯ পজিটিভ ওলোৱাত সেই নিশাই তেওঁক ভি কে এন আৰ এলৰ স্কুল অফ নাৰ্চিঙৰ কভিড কেয়াৰ কেন্দ্ৰত ভৰ্তি কৰা হয় ৷
কিন্তু মাকৰ অৰ্থাৎ প্ৰধান শিক্ষক গৰাকীৰ পত্নী নাজ বেগম সেই একেখন বিদ্যালয়ৰ সহ-শিক্ষয়িত্ৰী ৷শিক্ষয়িত্ৰী গৰাকীৰ কভিড- ১৯ নিগেটিভ অহাত তেওঁক ঘৰলৈ যাবলৈ দিয়া হয় । আচল দুখৰ কথাটো হ’ল এই গৰাকী নাজ বেগমৰ বুধবাৰে নিশা অতিশয় মানসিক ভাৱে ভাগি পৰাৰ লগতে উশাহ-নিশাহ লোৱাত কষ্ট পোৱাত বোকাখাতৰ শ্বহীদ কমলামিৰি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷
প্ৰাথমিক চিকিৎসা প্ৰদানত কিছু সুস্থ হোৱাত মহিলাগৰাকীক ঘৰলৈ যাবলৈ দিয়া হয় ৷ কিন্তু পুৱতি নিশা মহিলাগৰাকীয়ে নিজ গৃহতে শেষ নিশ্বাস ত্যাগ কৰা ঘটনাই এতিয়া অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ এই গৰাকী প্ৰধান শিক্ষক আৰফুৰ ৰহমানে নিজ পত্নীক শেষ বিদায় দিবৰ বাবে সাজু হৈছে পিপিই কিট পিন্ধি ।
স্বাস্থ্য বিভাগৰ গাড়ীত উঠি নিজ গৃহত উপস্থিত হৈ আৰফুৰ ৰহমানে পত্নীক শেষ বিদায় জনাই পুনৰ ভি কে এন আৰ এলৰ স্কুল অৱ নাৰ্চিঙৰ কভিড কেয়াৰ কেন্দ্ৰলৈ উভতি যায় ৷ গোলাঘাট স্বাস্থ্য বিভাগে এই শিক্ষক গৰাকীয়ে পত্নীৰ জানাজাত এক্ষন্তেক উপস্থিত থাকি শেষ বিদায় জনোৱাৰ ব্যৱস্থা কৰি দিয়াত স্থানীয় লোকে স্বাস্থ্য বিভাগক ধন্যবাদ জ্ঞাপন কৰিছে ।













