
অজন্তা তালুকদাৰ
বোকাখাত : ক’ভিড-১৯-ৰ আগ্ৰাসনে তচনচ কৰিছে দেশৰ অৰ্থনীতি। কৰ’ণা ভাইৰাচৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে চৰকাৰে অবিৰত প্ৰচেষ্টা চলাই থকাৰ সময়তে কৰ’ণাৰ গণসংক্ৰমণৰ নতুন ৰূপত আতংকিত হৈছে সাধাৰণ ৰাইজ। সম্প্ৰতি চৰকাৰৰ নিৰ্দেশ মানি অনাগত দিনত বিদ্যালয়লৈ যাবলৈ সাজু হ’ব পৰাকৈ সমগ্ৰ ৰাজ্যৰ লগতে ক’ভিড-১৯ পৰীক্ষা কৰাইছে বোকাখাত মহকুমাৰ শিক্ষকসকলেও। কিন্তু এই স্বাস্থ্য পৰীক্ষাত বোকাখাতত ধাৰাবাহিকভাৱে শিক্ষকসকল কৰ’ণাত আক্ৰান্ত হোৱাৰ খবৰে মহকুমাটোৰ কৰ’ণাৰ গণসংক্ৰমণৰ অন্য এখন ভয়ংকৰ ছবি ডাঙি ধৰিছে।
পহিলা ছেপ্তেম্বৰত বোকাখাত মহকুমাত স্বাৱ আৰু ৰেপিড এন্টিজেন পৰীক্ষাত ৬৫ গৰাকীৰ শৰীৰত ক’ভিড-১৯ পজিটিভ ধৰা পৰে ৷ ইয়াৰে ৪২ গৰাকী বোকাখাত মহকুমাৰ বিভিন্ন বিদ্যালয়ৰ শিক্ষক ৷ ৩ ছেপ্তেম্বৰত বোকাখাত মহকুমাত পুনৰ দুকুৰিৰো অধিক শিক্ষকসহ ধৰা পৰে ক’ভিড পজিটিভ মুঠ ৭৭ জন ৷ মহকুমাটোত কৰ’ণাৰ এই দ্ৰুতগামী গণসংক্ৰমণত চূড়ান্ত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে প্ৰশাসন, স্বাস্থ্য বিভাগৰ লগতে ৰাইজ।

কিয়নো লক-ডাউনৰ সময়ৰ পৰাই প্ৰায় ঘৰতে আৱদ্ধ হৈ থকা বিভিন্ন ভিতৰুৱা অঞ্চলকে ধৰি মহকুমাটোৰ ভ্ৰমণ বুৰঞ্জী নথকা শিক্ষকসকলৰ ধাৰাবাহিক ক’ভিড পজিটিভৰ খবৰে ইতিমধ্যে ভিতৰুৱা অঞ্চলসমূহতো ভাইৰাছ বিধৰ অবাধ সংক্ৰমণৰ সংকেট সুস্পষ্ট কৰি তুলিছে। বোকাখাত মহকুমাত সম্প্ৰতি ক’ভিড আক্ৰান্তসকলক কঁহৰাৰ শ্বহীদ বেজা বৈষ্ণৱ আদৰ্শ চিকিৎসালয়ৰ ক’ভিড চিকিৎসালয় আৰু নুমলীগড় শোধনাগাৰ নগৰাঞ্চলত থকা বিবেকানন্দ স্কুল নাৰ্চিঙৰ ক’ভিড কেয়াৰ কেন্দ্ৰত চিকিৎসা প্ৰদান কৰি থকা হৈছে যদিও কঁহৰাস্থ ক’ভিড চিকিৎসালয়ত সম্প্ৰতি নতুন এডমিচন বন্ধ কৰি দিয়া হৈছে বুলি বোকাখাত মহকুমাৰ ক’ভিড ন’ডেল বিষয়া ডাঃ সমীপ জ্যোতি বৰাৰ পৰা জানিব পৰা গৈছে। বিষয়াগৰাকীয়ে লগতে জনাইছে যে দৰিদ্ৰ সীমাৰেখাৰ তলৰ আৰু ষাঠি বছৰৰ উৰ্দ্ধৰ ক’ভিড আক্ৰান্ত লোকসকলক সম্প্ৰতি হোম কোৱাৰেণ্টাইনতে থকাৰ ব্যৱস্থা কৰা হৈছে। ঔষধকে ধৰি প্ৰয়োজনীয় চৰকাৰী চিকিৎসা সামগ্ৰীৰ যোগান কিছু কমিছে বুলিও জানিব পৰা গৈছে।
যোৱা ৩ ছেপ্তেম্বৰত ধৰা পৰা মুঠ ক’ভিড আক্ৰান্ত লোকৰ ৫১ জনকে হোম কোৱাৰেণ্টাইনত ৰখা হৈছে। লগতে দৰিদ্ৰ ক’ভিড আক্ৰান্ত লোকৰ ঘৰে ঘৰে প্ৰশাসনৰ তৰফৰ পৰা খাদ্য সামগ্ৰী আৰু চিকিৎসা বিভাগৰ তৰফৰ পৰা আশাকৰ্মীসকলৰ জড়িয়তে প্ৰয়োজনীয় ঔষধৰ টোপোলা প্ৰদান কৰা হৈছে বুলিও বিষয়াগৰাকীৰ পৰা জানিব পৰা গৈছে।
এই বাতৰি লিখা পৰ্যন্ত মহকুমাটোত সৰ্বমুঠ প্ৰায় ৭০০ গৰাকী লোক কৰ’ণাত আক্ৰান্ত হোৱা বুলি জনোৱাৰ লগতে প্ৰয়োজনত ফোনযোগে যিকোনো সময়তে ক’ভিড আক্ৰান্ত লোকে বিষয়াগৰাকীৰে চিকিৎসা সম্পৰ্কীয় পৰামৰ্শৰ বাবে যোগাযোগ কৰিব পাৰিব বুলি জানিবলৈ দিছে মহকুমা কভিড ন’ডেল বিষয়া ডাঃ সমীপ জ্যোতি বৰাই।













