ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

কাৰ্বি আংলং-নাগালেণ্ড সীমান্তত অসমৰ ভূমি নগাৰ কৌশলগত বেদখলৰ অভিযোগ

কেইবাটাও জাতীয় সংগঠনৰ চিইএম তুলিৰাম ৰংহাঙলৈ স্মাৰক-পত্ৰ প্ৰেৰণ

News Desk by News Desk
September 4, 2020
Reading Time: 1 min read
A A
0
কাৰ্বি আংলং-নাগালেণ্ড সীমান্তত অসমৰ ভূমি নগাৰ কৌশলগত বেদখলৰ অভিযোগ

ATP Logo | ASSAM TIMES POST

RELATED POSTS

Assam CM Hails Tiger Conservation Success on International Tiger Day

Assam Assembly Approves Six Bills; Key Satellite City Bill Dominates

Kamrup Police Bust Cattle Smuggling Ring — 3 Arrested, 16 Seized

ছাইদুল ইছলাম

ডিফু : অসম-নাগালেণ্ড সীমান্তৱর্তী তথা কার্বি আংলং জিলাৰ লাহৰীজান আৰু শংকৰটিলাৰ মাজত নাগালেণ্ডে কৌশলেৰে বে-দখল চলোৱাৰ বাবে কৌশলী পদক্ষেপ গ্রহণ কৰাৰ প্রসংগক কেন্দ্র কৰি সীমান্ত এলেকাৰ পৰিস্থিতি পুনৰ উত্তেজনাপূর্ণ হৈ পৰা পৰিলক্ষিত হৈছে। অলপতে, সীমান্ত এলেকাত থকা অসমৰ কার্বি আংলং জিলাৰ ভূমিখণ্ডত প্রৱেশ কৰি পথ নির্মাণৰ কাম আৰম্ভ কৰা সন্দেহযুক্ত নগা দুৰ্বৃত্তই স্থানীয় লোকক ভাবুকি প্রদান কৰাৰ এক ভিডিঅ’ ৰাজহুৱা হোৱাৰ পিছতে বিষয়টোক কেন্দ্র কৰি গভীৰ উদ্বেগ প্রকাশ কৰিছে। কাৰ্বি আংলং জিলাৰ কেইবাটাও জাতীয় সংগঠনে। এই সন্দর্ভত সাতটাকৈ সংগঠনে কালি সন্ধিয়া জিলা উপায়ুক্তৰ জৰিয়তে কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্যলৈ এখনি স্মাৰক-পত্রও প্রেৰণ কৰে। কার্বি ছাত্র সন্থা, সদৌ ডিমাচা ছাত্র সন্থা (কার্বি আংলং জিলা সমিতি), ডিমাচা ছাত্র সন্থা (কার্বি আংলং জিলা সমিতি), আছু (কার্বি আংলং জিলা সমিতি), সদৌ অসম গোর্খা ছাত্র সন্থা (কার্বি আংলং জিলা সমিতি), সদৌ অসম আদিবাসী ছাত্র সন্থা (কার্বি আংলং জিলা সমিতি) আৰু ডিজুৱা খুনাং হচমৰ তৰফৰ পৰা জিলা উপায়ুক্তগৰাকীৰ জৰিয়তে কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্যলৈ প্রেৰণ কৰা স্মাৰক-পত্রখনত এই সন্দর্ভত কেতবোৰ বিষ্ফোৰক তথ্যও উল্লেখ কৰা পৰিলক্ষিত হৈছে।

স্মাৰক-পত্রত উল্লেখ কৰা অনুসৰি, অসমৰ ভূমিৰ অন্তর্গত ডিলাই থানাৰ অন্তর্গত দলদলি সংৰক্ষিত বনাঞ্চলৰ নাগালেণ্ডৰ সীমান্তর্তী এলেকাত হেস্ফু মুক্রাং ট্রাইবেল ভিলেজ, ডিকই মডেল ভিলেজ ৱেলফেয়াৰ ডেভেলপমেন্ট কমিটি আৰু ইউনাইটেড ভিলেজ স্থাপনৰ নামত নাগালেণ্ড আৰু কিছুসংখ্যক কার্বি আংলঙৰ লোকেৰে গঠিত হোৱা এখন সমিতিৰ উদ্যোগত শেহতীয়াকৈ সীমান্তৱর্তী এলেকাত এক্সকেভেটৰ আৰু ফকলেনৰ সহায়ত জংঘল পৰিষ্কাৰ কৰাৰ লগতে নাগালেণ্ড সংযোগী এক পথ নির্মাণৰ প্রক্রিয়া আৰম্ভ কৰা হৈছে। উক্ত পথছোৱা নির্মাণ সম্পূর্ণ হ’লে নাগালেণ্ডৰ পৰা অসমলৈ যাতায়াত তেনেই সুবিধাজনক হৈ পৰাৰ ফলত অনতিপলমে উক্ত এলেকাত নগাই ঘৰ-দুৱাৰ সাজি বে-দখল আৰম্ভ কৰিব বুলি সংগঠনসমূহে আশংকা প্রকাশ কৰে।

ইতিমধ্যে উক্ত স্থানত দুটা শিবিৰ স্থাপন কৰা হৈছে বুলি স্মাৰকপত্রখনত উল্লেখ কৰি অতি শীঘ্ৰে সীমান্ত এলেকাত এই নির্মাণ বন্ধ কৰাৰ দাবী জনায়। একাংশ লোকে নগা লোকৰ পৰা উক্ত স্থানত ভূমি প্রদানৰ নামত পাঁচ হাজাৰৰ পৰা দহ হাজাৰ পর্যন্ত টকা আদায় কৰা বুলিও স্মাৰক-পত্রত বিস্ফোৰক অভিযোগ উতত্থাপন কৰাৰ লগতে স্মাৰক-পত্ৰৰ সৈতে ধন সংগ্রহৰ ৰচিদ পর্যন্ত প্রদর্শন কৰা হয়। কার্বি আংলং
স্বায়ত্তশাসিত পবিষদৰ কার্যবাহী সদস্যই উক্ত স্থানত স্থাপন কৰা শিৱিৰত উপস্থিত হোৱাৰ লগতে নগা গাভৰুৱে নগা মাফলাৰেৰে তেওঁলোকক আদৰণিও জনোৱা বুলি স্মাৰক-পত্রত উল্লেখ কৰা হয়।

কেৱল ইমানেই নহয় উক্ত বিবাদমান এলেকাত ১৩ কিঃ মিঃ দৈর্ঘ্যৰ এক পথ নির্মাণৰ বাবে মুখ্যমন্ত্রীৰ বিশেষ পুঁজিৰ পৰা ১৭ কেটি টকা মোকলাই দিয়া বুলিও স্মাৰক-পত্রত উল্লেখ কৰা হয়। বিগত সময়ত কার্বি আংলঙৰ মিচিবাইলামৰ এক বিস্তীর্ণ এলেকা দখলৰ বাবে নগাই একাংশ স্থানীয় লোকৰ সহযোগত আতুৰকিমি মডেল ভিলেজ আৰু হেমফু মডেল ভিলেজ স্থাপনৰ নামত এক বে-চৰকাৰী সংস্থা গঠন কৰিছিল যদিও উক্ত এলেকাক কেন্দ্র কৰি পিছত সংঘটিত হোৱা সংঘর্যত দিপাঙ্কৰ দাস নামৰ এগৰাকী দণ্ডাধীশৰো মৃত্যু হয়। উক্ত হেম্ফু ভিলেজকে সম্প্ৰতি হেমফু মুক্রাং ভিলেজ নামেৰে নামকৰণ কৰি পুনৰ পূর্বৰ প্রক্রিয়াকে আৰম্ভ কৰা বুলিও স্মাৰক-পত্রখনত উল্লেখ কৰা হয়৷

Tags: Featured
Share4Tweet3Send

Related Posts

Assam CM Hails Tiger Conservation Success on International Tiger Day
Assam

Assam CM Hails Tiger Conservation Success on International Tiger Day

by Staff Reporter
July 29, 2026
50
Assam Assembly Approves Six Bills; Key Satellite City Bill Dominates
Assam

Assam Assembly Approves Six Bills; Key Satellite City Bill Dominates

by News Desk
July 28, 2026
50
Kamrup Police Bust Cattle Smuggling Ring — 3 Arrested, 16 Seized
Assam

Kamrup Police Bust Cattle Smuggling Ring — 3 Arrested, 16 Seized

by Staff Reporter
July 28, 2026
50
Assam MLA Hitendra Nath Goswami Defends Foreign Trip Amid Flood Outcry
Assam

Assam MLA Hitendra Nath Goswami Defends Foreign Trip Amid Flood Outcry

by Staff Reporter
July 27, 2026
50
Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি
Assam

Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি

by News Desk
July 24, 2026
50
Upper Assam flood tragedy : উজনি অসমত স্বাভাৱিকতকৈ ১৮১% বৃষ্টিপাত
Assam

Upper Assam flood tragedy : উজনি অসমত স্বাভাৱিকতকৈ ১৮১% বৃষ্টিপাত

by ASSAM TIMES POST
July 23, 2026
50
ADVERTISEMENT
Assam CM Hails Tiger Conservation Success on International Tiger Day
Assam

Assam CM Hails Tiger Conservation Success on International Tiger Day

July 29, 2026
50
Assam Assembly Approves Six Bills; Key Satellite City Bill Dominates
Assam

Assam Assembly Approves Six Bills; Key Satellite City Bill Dominates

July 28, 2026
50
Tarun Ram Phukan : ডিফুত দেশভক্তি দিৱস উদযাপন
DIPHU

Tarun Ram Phukan : ডিফুত দেশভক্তি দিৱস উদযাপন

July 28, 2026
50
World Hepatitis Day : ডিফু নগৰীয়া স্বাস্থ্য কেন্দ্ৰত বিশ্ব হেপাটাইটিছ দিৱস পালন
DIPHU

World Hepatitis Day : ডিফু নগৰীয়া স্বাস্থ্য কেন্দ্ৰত বিশ্ব হেপাটাইটিছ দিৱস পালন

July 28, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam CM Hails Tiger Conservation Success on International Tiger Day

Assam CM Hails Tiger Conservation Success on International Tiger Day

July 29, 2026
Assam Assembly Approves Six Bills; Key Satellite City Bill Dominates

Assam Assembly Approves Six Bills; Key Satellite City Bill Dominates

July 28, 2026
Tarun Ram Phukan : ডিফুত দেশভক্তি দিৱস উদযাপন

Tarun Ram Phukan : ডিফুত দেশভক্তি দিৱস উদযাপন

July 28, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx