নিউজ ডেক্স:
প্ৰাক্তন মন্ত্ৰীৰ ভাড়াঘৰত যুৱতীক দলবদ্ধ ধৰ্ষণ।তাজউদ্দিন নামৰ এটা বন-মাফিয়াৰ নেতৃত্বত এগৰাকী যুৱতীক দলবদ্ধ ধৰ্ষণ কৰি হত্যাৰ অপচেষ্টা এদল পাষণ্ডৰ।হোজাইৰ ডবকাত সংঘটিত হৈছে এই জঘন্য দলবদ্ধ ধৰ্ষণৰ ঘটনা।
হাত-ভৰি বান্ধি যুৱতীগৰাকীক দলবদ্ধ ধৰ্ষণ কৰি পেলাই দিয়ে ৰাজপথত। বৰ্তমান মৃত্যুৰে যুঁজিছে যুৱতীগৰাকীয়ে। ইতিমধ্যে ডবকা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মুল অভিযুক্ত তাজউদ্দিনক। কিন্তু এতিয়াও পলাতক ধৰ্ষণ কাণ্ডত জড়িত আন কেইটাও অপৰাধী।
শিক্ষয়ত্ৰী অৰ্ণমাই বৰাৰ ঘটনাৰ পিছত পুনৰ এই জঘন্য কাণ্ডই কঁপাইছে যমুনামুখ তথা হোজাই জিলাক। ধৃত তাজউদ্দিনক মৃত্যুদণ্ড দিয়াৰ দাবী যমুনামুখৰ ৰাইজৰ।












