নিউজ ডেস্ক:
ছুপ্রিম কোর্টে ৰায় নিদিয়া পর্যন্ত দিব নালাগে ইএমআই। কৰোনা আৰু লকডাউনত বিপৰ্যস্ত সাধাৰণ মানুহ। চাকৰি গৈছে বহু মানুহৰ। ডুবিছে উদ্যোগ প্ৰতিষ্ঠানসমূহো। ফলত ঋণ পৰিশোধৰ ক্ষমতা হেৰুৱাইছে লাখ লাখ মানুহে।
এই পৰিস্থিতিত ঋণ গ্রাহকসকলৰ বাবে স্বস্তিৰ খবৰ জনালে ছুপ্রিম কোর্টে।বেংকসমূহে কোনো ব্যক্তি বা কোম্পানীৰ একাউন্টকে নন-পাৰফর্মিং এছেট হিচাবে ঘোষণা কৰিব নোৱাৰিব। সর্বোচ্চ আদালতে এই কথা জনাইছে।
কৰোনা আক্ৰমণৰ আৰম্ভণিতে ঋণ গ্রাহকসকলক স্বস্তি দিয়াৰ বাবে ছয় মাহৰ মৰেটৰিয়াম ঘোষণা কৰিছিল ভাৰতীয় ৰিজার্ভ বেংকে। যিটো ৩১ আগষ্টত সম্পূৰ্ণ হৈছে। সাধাৰণ মানুহৰ বাবে ইএমআইত স্থগিতাদেশ দিলেও পিছত দেখা যায় প্ৰকৃততে জনগণতকৈ বেছি লাভবান হৈছে বেংক।
কার্যতশোষণৰ মুখত পৰিছে সাধাৰণ মানুহ। কৰোনা পৰিস্থিতিত উপাৰ্জন কমি যোৱাত যিসকলে ইএমআই দিব পৰা নাছিল এতিয়া তেওঁলোকৰ ওপৰত পৰিব অধিক ধনৰ বোজা। কাৰণ স্থগিত ইএমআইৰ ওপৰত বেঙ্কসমূহে অতিৰিক্ত সুদ ল’ব। এই পৰিস্থিতিত ছুপ্রিম কোর্টত গোচৰ ৰুজু হয় বিষয়টোক লৈ।