নিউজ ডেক্স:
ঘৰত বনকৰা কিশোৰৰ গাত গৰম পানী ঢালি নিৰ্যাতন চলোৱা মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা মিতালী কোঁৱৰ আৰু চিকিৎসক স্বামীৰ সিদ্ধিপ্ৰসাদ দেউৰীক ৰাতিয়ে লৈ যোৱা হয় ডিব্ৰুগড়লৈ।শনিবাৰে ৰাতি ৰহা আৰক্ষীয়ে গুৱাহাটীৰ পৰা গৈ থকা অৱস্থাত ৰহাৰ তোলগেটত গ্ৰেপ্তাৰ দেউৰী দম্পতীক।এএছ ০৬বি-৩৮৩৯ নম্বৰৰ ইনভা গাড়ীৰে গৈ থকা অৱস্থাত গ্ৰেপ্তাৰ কৰা দম্পতীদয়ক ৰাতিয়েই ডিব্ৰুগড় সদৰ আৰক্ষী এটা দলে লৈ যায় ডিব্ৰুগড়লৈ।বৰ্তমান ডিব্ৰুগড় সদৰ থানাত ৰখা হৈছে মিতালী আৰু সিদ্ধিক।
উল্লেখ যোৱা ২৭ আগষ্টত ঘৰত বনকৰা যোৰহাটৰ ১২ বছৰীয়া এটি কিশোৰৰ দেহত গৰম পানী ঢালিছিল মিতালী আৰু সিদ্ধিয়ে।পৰৱৰ্তী সময়ত ডিব্ৰুগড় মিলন নগৰৰ এগৰাকী লোকে পোহৰলৈ আনিছিল সমগ্ৰ ঘটনাৰ।ঘটনাৰ সবিশেষ ৩১ আগষ্টত অধিক পোহৰলৈ অহাত দম্পতীদয় বিৰুদ্ধে ৰুজু কৰা হৈছিল গোচৰ।তাৰ পাছৰে পৰা আৰক্ষী চকুত ধূলি দি আত্মগোপন কৰি আছিল।
গুৰুত্বপূৰ্ণ কথা এই যে মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা মিতালী কোঁৱৰৰ এনে নিৰ্লজ্জ কাণ্ডৰ পাছতে মহাবিদ্যালয় খনৰ ছাত্ৰ সমাজ, মহাবিদ্যালয় কৰ্মচাৰী সন্থা আৰু সমগ্ৰ মৰাণবাসীৰ ৰাইজে গ্ৰেপ্তাৰ দাবী তোলা লগতে দূষিত কঠোৰ শাস্তিৰ দাবী তুলিছিল।
উল্লেখ মহাবিদ্যালয়খনত অধ্যক্ষা দায়িত্ব গ্ৰহণ কৰি একচত্ৰি শাসন আৰম্ভ কৰাৰো অভিযোগ উত্থাপন হৈছে মিতালী বিৰুদ্ধে।অভিযোগ উঠিছে মহাবিদ্যালয়ত গছ-গছনি কাটি তহিলং কৰা দৰে প্ৰকৃতি ধ্বংস গুৰুত্বৰ অভিযোগ।













